ক্ষুদ্র, লঘু, মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু উদ্যোগ তথা অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগে ভাৰতৰ ভৌগোলিক সূচক লাভ কৰা সামগ্ৰীসমূহৰ বাণিজ্যিকীকৰণ আৰু বিশ্ব বজাৰ লাভ কৰাত সহায়ক হোৱাকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।
ইয়াৰ দ্বাৰা সামগ্ৰীৰ মান নিশ্চিত কৰা, ভৌগোলিক সূচক থকা সামগ্ৰীসমূহৰ ডিজিটেল প্ৰসাৰ আৰু বহল বজাৰ লাভ কৰাত সহায় কৰাৰ লগতে এখন জিলা, এবিধ সামগ্রী শীৰ্ষক ধাৰণা কাৰ্যকৰী কৰাৰ লক্ষ্য লোৱা হৈছে।
এই ব্যৱস্থাৰ অধীনত ভাৰত জি আই বেনাৰৰ অধীনত জি আই টেগযুক্ত অর্থাৎ ভৌগোলিক সূচক থকা সামগ্রীসমূহ আৰু ব্যৱহাৰকাৰীসকলক একেখন মঞ্চলৈ অনা হ’ব। এই পদক্ষেপে সামৰ্থ বৃদ্ধি কৰাৰ লগতে বয়নশিল্পী আৰু হস্তশিল্পীসকলক বৃহৎ বজাৰৰ সুবিধা দিব।
ইয়াৰ ফলত ভাৰতৰ ভৌগোলিক সূচক ব্যৱস্থা শক্তিশালী হোৱাৰ লগতে আত্মনিৰ্ভৰ ভাৰত আৰু ভোকেল ফৰ লোকেলৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হ’ব বুলি আশা কৰা হৈছে।