ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১০ খন, আৰু উত্তৰাখণ্ডৰ এখন আসন আছে।

বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, বি এল বার্মা, সমাজবাদী পাৰ্টীৰ নেতা ৰামগোপাল যাদৱ, বি এছ পিৰ ৰামজীকে ধৰি আন ৬ গৰাকী সাংসদে ২৫ নৱেম্বৰত কাৰ্যকাল সম্পূৰ্ণ কৰিব।

উত্তৰাখণ্ডৰ পৰা নৰেশ বাঞ্চালেও ২৫ নৱেম্বৰত কাৰ্যকাল সম্পূৰ্ণ কৰিব। নির্বাচন আয়োগে পশ্চিমবংগৰ ৰাজ্যসভাৰ এখন আসনৰ উপ নির্বাচনৰ বাবেও অধিসূচনা জাৰি কৰিছে।

টি এম চিৰ সাংসদ ৰুক্মিনী মল্লিকে পদত্যাগ কৰাৰ ফলত এই আসনখন খালী হৈছিল। আজিৰে পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই নিৰ্বাচনৰ ভোটগ্রহণ ১৬ অক্টোবৰত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।