September 30, 2026 10:11 AM
18
যুৱ ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষণ কৰাৰ বাবে নির্বাচন আয়োগৰ বিশেষ পঞ্জীয়ন শিবিৰ
নির্বাচন আয়োগে যুৱ ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষণ কৰাৰ বাবে দিল্লীৰ শিক্ষানুষ্ঠানসমূহত বিশেষ পঞ্জীয়ন শিবিৰৰ আয়োজন কৰিছে। কালি এই শিবিৰত ভালেসংখ্যক শিক্ষার্থীয়ে ভোটাৰ তালিকাৰ বিশেষ সংহত সংশোধনী নাইবা বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত অৱগত হোৱাৰ লগতে ভোটদাতাৰ আবেদন পত্র জমা কৰে। আজিও এই শিবিৰ মুকলি থাকিব। নির্বাচন আয়োগে প্রকাশ কৰা মতে বি এল অ’ সকল এই শিবিৰত উপস্থিত থাকি শিক্ষাৰ্থীসকলক তেওঁলোকৰ আবেদন প্ৰ-পত্ৰ পূৰ্ণ কৰাত সহায় কৰাৰ লগতে তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিব। অহা ৭ আৰু ৮ অক্টোবৰত পু...