October 17, 2026 12:45 PM

views 7

১৪ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে দেশৰ ১৪ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ নিৰ্দেশ দিছে। এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হৈছে অসম, বিহাৰ, চত্তিশগড়, গোৱা, গুজৰাট, কেৰলম, মধ্যপ্রদেশ, মণিপুৰ, পাঞ্জাৱ, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পুডুচেৰী, লক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে খচৰা ভোটাৰ তালিকা ১২ নৱেম্বৰত প্ৰকাশ পাব। ভোটাৰ তালিকা সন্দৰ্ভত কোনো দাবী বা আপত্তি থাকিলে ১১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰ...

September 30, 2026 10:11 AM

views 28

যুৱ ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষণ কৰাৰ বাবে নির্বাচন আয়োগৰ বিশেষ পঞ্জীয়ন শিবিৰ

নির্বাচন আয়োগে যুৱ ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষণ কৰাৰ বাবে দিল্লীৰ শিক্ষানুষ্ঠানসমূহত বিশেষ পঞ্জীয়ন শিবিৰৰ আয়োজন কৰিছে। কালি এই শিবিৰত ভালেসংখ্যক শিক্ষার্থীয়ে ভোটাৰ তালিকাৰ বিশেষ সংহত সংশোধনী নাইবা বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত অৱগত হোৱাৰ লগতে ভোটদাতাৰ আবেদন পত্র জমা কৰে। আজিও এই শিবিৰ মুকলি থাকিব। নির্বাচন আয়োগে প্রকাশ কৰা মতে বি এল অ’ সকল এই শিবিৰত উপস্থিত থাকি শিক্ষাৰ্থীসকলক তেওঁলোকৰ আবেদন প্ৰ-পত্ৰ পূৰ্ণ কৰাত সহায় কৰাৰ লগতে তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিব। অহা ৭ আৰু ৮ অক্টোবৰত পু...

September 29, 2026 4:59 PM

views 15

ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১০ খন, আৰু উত্তৰাখণ্ডৰ এখন আসন আছে। বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, বি এল বার্মা, সমাজবাদী পাৰ্টীৰ নেতা ৰামগোপাল যাদৱ, বি এছ পিৰ ৰামজীকে ধৰি আন ৬ গৰাকী সাংসদে ২৫ নৱেম্বৰত কাৰ্যকাল সম্পূৰ্ণ কৰিব। উত্তৰাখণ্ডৰ পৰা নৰেশ বাঞ্চালেও ২৫ নৱেম্বৰত কাৰ্যকাল সম্পূৰ্ণ কৰিব। নির্বাচন আয়োগে পশ্চিমবংগৰ ৰাজ্যসভাৰ এখন আসনৰ উপ নির্বাচনৰ বাবেও অধিসূচনা জাৰি কৰিছে। টি এম চিৰ সাংসদ ৰুক্মি...

September 10, 2026 2:58 PM

views 24

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগৰ অধিসূচনা জাৰি

অহা ৬ অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই নিৰ্বাচনৰ অহা ১৬ ছেপ্তেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মনোনয়ন পত্ৰসমূহ ১৭ ছেপ্তেম্বৰত পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ১৯ ছেপ্তেম্বৰ। ভোটগ্রহণ ৬ অক্টোবৰত আৰু ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, উপ নির্বাচনটোত মুঠ ১৯ লাখ ৭ হাজাৰ ২০৯ গৰাকী ভোটদাতাই এহেজাৰ ৩৩৯টা ভোটকেন্দ্ৰৰ জৰিয়তে ভোটৰ অধিকাৰ সাব্যস্ত ক...

June 2, 2026 3:38 AM

views 59

১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভা আসনৰ দ্বিবার্ষিক নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভা আসনৰ দ্বিবার্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধপ্রদেশ, গুজৰাট আৰু কৰ্ণাটকৰ ৪ খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত ৩ খন, ঝাৰখণ্ডত দুখন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ একোখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্রাক্তন প্রধানমন্ত্রী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্...

January 24, 2026 9:09 PM

views 100

নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব

নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল বিষয় হৈছে- মোৰ ভাৰত মোৰ ভোট। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা যুৱ প্ৰজন্মক ভোটাৰ ফটো পৰিচয় পত্ৰ প্ৰদান কৰিব। শ্রীমতী মুর্মুৱে বিভিন্ন শাখাৰ শ্ৰেষ্ঠ নির্বাচন বিষয়ক কামকাজৰ বঁটাসমূহ প্ৰদান কৰিব। অনুষ্ঠানত আইন আৰু ন্যায় ৰাজ্য মন্ত্ৰী অৰ্জুনৰাম মেঘৱাল, মুখ্য নির্বাচন আ...

January 24, 2026 12:09 PM

views 74

কর্তব্যত অৱহেলা আৰু অসৎ আচৰণ কৰা বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি ভাৰতীয় নির্বাচন আয়োগৰ

ভাৰতীয় নির্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াক কর্তব্যত অৱহেলা আৰু অসৎ আচৰণ কৰা বুথ স্তৰৰ বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আয়োগে মুখ্য কার্যবাহী বিষয়াসকললৈ লিখা এখন পত্রত উল্লেখ কৰিছে যে কৰ্তব্যত অৱহেলা বা গাফিলতি, দুর্ব্যৱহাৰ বা অসৎ আচৰণ, ইচ্ছাকৃতভাৱে নির্দেশনা পালন নকৰা বা জনপ্রতিনিধিত্ব আইন, ১৯৫০ আৰু নিৰ্বাচক পঞ্জীয়ন নিয়ম ১৯৬০ উলংঘা কৰা গোচৰত নিলম্বনকে ধৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব। চৰকাৰী কৰ্তব্য পালন কৰাৰ সময়ত বুথ পৰ...

January 21, 2026 12:11 PM

views 48

আজিৰে পৰা নতুন দিল্লীত গণতন্ত্র আৰু নিৰ্বাচন পৰিচালনা শীর্ষক আন্তঃৰাষ্ট্ৰীয় সম্মিলন

নির্বাচন আয়োগে নতুন দিল্লীত আজি আৰম্ভ হ'বলগীয়া গণতন্ত্র আৰু নিৰ্বাচন পৰিচালনা শীর্ষক আন্তঃৰাষ্ট্ৰীয় সম্মিলন ২০২৬ৰ অধ্যক্ষতা কৰিব। তিনিদিনীয়াকৈ আয়োজিত এই সম্মিলন গণতন্ত্র আৰু নির্বাচন পৰিচালনাৰ ক্ষেত্ৰত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সম্মিলন হ'ব। ৭০ খন দেশৰ প্ৰায় ১০০ গৰাকী প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্রহণ কৰিব। নির্বাচনী কাম-কাজ পৰিচালনা খণ্ডৰ ভালেমান আন্তঃৰাষ্ট্ৰীয় সংস্থা, ভাৰতত চলাই থকা বিদেশী বিভিন্ন অভিযানকাৰীৰ লগতে বিশেষজ্ঞসকলেও এই সন্মিলনত অংশগ্রহণ কৰিব। নির্বাচন আয়োগে ...

January 16, 2026 12:43 PM

views 56

গোৱা, লক্ষদ্বীপ, ৰাজস্থান, পুড়ুচেৰী আৰু পশ্চিমবংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ সময়সীমা ১৯ জানুৱাৰীলৈ বৃদ্ধি

ভাৰতীয় নির্বাচন আয়োগে গোৱা, লক্ষদ্বীপ, ৰাজস্থান, পুড়ুচেৰী আৰু পশ্চিমবংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ সময়সীমা ১৯ জানুৱাৰীলৈ বৃদ্ধি কৰিছে। ভোটদাতাসকলে ১৯ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ যিকোনো দাবী বা আপত্তি দাখিল কৰিব পাৰিব। নির্বাচন আয়োগে এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে যে, মুখ্য নির্বাচনী বিষয়া তথা সংশ্লিষ্ট বিষয়াৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই সংশোধিত তাৰিখৰ সিদ্ধান্ত লোৱা হয়।

December 27, 2025 6:12 PM

views 127

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে। এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওজৰ আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে ২০২৬ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰে। আয়ুক্তগৰাকীয়ে কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত কয়, যে যোৱা ২২ নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বি...