নির্বাচন আয়োগে দেশৰ ১৪ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ নিৰ্দেশ দিছে। এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হৈছে অসম, বিহাৰ, চত্তিশগড়, গোৱা, গুজৰাট, কেৰলম, মধ্যপ্রদেশ, মণিপুৰ, পাঞ্জাৱ, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পুডুচেৰী, লক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে খচৰা ভোটাৰ তালিকা ১২ নৱেম্বৰত প্ৰকাশ পাব। ভোটাৰ তালিকা সন্দৰ্ভত কোনো দাবী বা আপত্তি থাকিলে ১১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। অহা বছৰৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। এই সংক্ষিপ্ত সংশোধনীৰ বাবে ২০২৭ চনৰ ১ জানুৱাৰী যোগ্যতা নিৰ্ধাৰণৰ ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। আয়োগে জনোৱা মতে অহা বছৰৰ ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ হোৱা যুৱ নাগৰিকসকলে আগতীয়াকৈ ইয়াৰ বাবে আবেদন কৰিব পাৰিব । ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সুবিধাৰ বাবে বিশেষকৈ প্ৰৱাসী, দুৰ্বল আৰু প্ৰান্তীয় ভোটদাতাসকলৰ সুবিধার্থে জিলা পৰ্যায়ত হেল্প ডেক্স স্থাপন কৰা হ’ব বুলি আয়োগে জনাইছে।
Assamese | October 17, 2026 12:45 PM | Election Commission
১৪ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ নিৰ্দেশ নির্বাচন আয়োগৰ