ভাৰতীয় নির্বাচন আয়োগে গোৱা, লক্ষদ্বীপ, ৰাজস্থান, পুড়ুচেৰী আৰু পশ্চিমবংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ সময়সীমা ১৯ জানুৱাৰীলৈ বৃদ্ধি কৰিছে। ভোটদাতাসকলে ১৯ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ যিকোনো দাবী বা আপত্তি দাখিল কৰিব পাৰিব। নির্বাচন আয়োগে এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে যে, মুখ্য নির্বাচনী বিষয়া তথা সংশ্লিষ্ট বিষয়াৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই সংশোধিত তাৰিখৰ সিদ্ধান্ত লোৱা হয়।
Assamese | January 16, 2026 12:43 PM | Election Commission
গোৱা, লক্ষদ্বীপ, ৰাজস্থান, পুড়ুচেৰী আৰু পশ্চিমবংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ সময়সীমা ১৯ জানুৱাৰীলৈ বৃদ্ধি