November 29, 2025 10:35 PM

views 58

তিৰুৱন্তপুৰমত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে মুখ্য নির্বাচনী বিষয়াৰ বৈঠক

■ মুখ্য নির্বাচনী বিষয়া ৰাথন ইউ কেলকাৰে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ অগ্রগতি পর্যালোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰে। বিষয়াগৰাকীয়ে অৱগত কৰিছে যে তালিকাত থকা সকলো ভোটাৰৰ মাজত গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে, আৰু ইতিমধ্যে ৮৫% প্ৰ-পত্ৰৰ পূৰণ সম্পূৰ্ণ হৈছে। গণনা প্ৰ-পত্ৰ দাখিল কৰা সকলো ভোটাৰক খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। শ্রী কেলকাৰে লগতে কয় যে যিসকল ব্যক্তি ২০০২ চনৰ ভোটাৰ তালিকাৰ অংশ নাছিল, তেওঁলোকৰ বাবে নিৰ্বাচনী পঞ্জীয়ন বিষ...

November 28, 2025 9:42 PM

views 69

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰে। এই পৰ্যায়ত ৫১ কোটি ভোটদাতা সংযুক্ত কৰা হৈছে। যোৱা ৪ নৱেম্বৰত দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হয়। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে চত্তিশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুডুচেৰী, লাক্ষ্যাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বী...

November 27, 2025 8:35 PM

views 55

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৫০ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৫০ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰে। এই পর্যায়ত ৫১ কোটি ভোটদাতা সংযুক্ত হোৱাৰ লগতে আৰু ৯৯ দশমিক ২৫ শতাংশ প্র-পত্ৰ সামৰি লোৱা হৈছে। যোৱা ৪ নৱেম্বৰত দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে চত্তিশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্রদেশ, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পু...

November 18, 2025 8:43 PM

views 71

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায়ত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে। এই সংখ্যা দ্বিতীয় পৰ্যায়ৰ সামৰি লবলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৮ দশমিক ৫-৪ শতাংশ। দেশৰ ৯ খন ৰাজ্য আৰু ৩ টা কেন্দ্রীয় শাসিত অঞ্চলত যোৱা ৪ নৱেম্বৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হৈছে। আয়োগে প্রকাশ কৰা মতে, উত্তৰ প্ৰদেশৰ ১৫ কোটিৰো অধিক আৰু পশ্চিমবংগত ৭ কোটিৰো অধিক প্ৰপত্র বিতৰণ কৰা হৈছে। ভোটাৰ তালিকাৰ ব...

November 18, 2025 1:15 PM

views 130

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰা হ'ব। সেই অনুসৰি আজিৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ২২ নৱেম্বৰৰ পৰা বি এল অ' সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি- পত্ৰসমূহ পৰীক্ষা কৰিব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভ...

November 17, 2025 6:34 PM

views 107

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

নির্বাচন আয়োগে অসমতো ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে ধৰি এই সংশোধনী ঘটাব লাগিব। সেই অনুসৰি কাইলৈৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সমন্বিত খছৰা ভোটাৰ তালিকা প্রস্তুত কৰিব লাগিব। ২৭ ডিচেম্বৰত খছৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত থকা দাবী আৰু আপত্তিসমূহ ২ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত নিষ্...

October 28, 2025 10:40 AM

views 97

দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আজি দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা বছৰৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে এই পৰ্যায়ত উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্রদেশ, চত্তিশগড়, ৰাজস্থান, তামিলনাড়ু, পশ্চিমবংগ, গোৱা, কেৰালা, পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তথা লাক্ষাদ্বীপত...

October 24, 2025 12:41 PM

views 65

মুখ্য নির্বাচনী বিষয়াসকলক ভোটাৰ তালিকাৰ প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ভাৰতৰ নিৰ্বাচন আয়োগে মুখ্য নির্বাচনী বিষয়াসকলক নির্দিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত কালি মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি পৰে। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত নির্বাচন আয়ুক্ত ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীয়ে অংশ লয়। ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দর্ভত আয়োগৰ জ্যেষ্ঠ বিষয়াসকলে বিৱৰণী দিয়াৰ পাছত মুখ্য নির্বাচনী বিষয়াসকলে উত্...

October 23, 2025 12:09 PM

views 125

ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ মুখ্য নির্বাচনী বিষয়াৰ সন্মিলন অনুষ্ঠিত

ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মুখ্য নির্বাচনী বিষয়াৰ সন্মিলনত দেশজোৰা বিশেষ পুনৰীক্ষণ (SIR) অনুশীলনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত এই সন্মিলনৰ সভাপতিত্ব কৰে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। বৈঠকত নির্বাচন আয়ুক্ত ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীয়েও অংশগ্রহণ কৰে। এই সন্মিলনত আয়োগে জিলা নির্বাচনী বিষয়া, নির্বাচনী পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষ...

September 19, 2025 9:05 PM

views 105

শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন কৰিছে। আয়োগৰ নীতি-নিয়ম অমান্য কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নির্বাচন আয়োগে জানিবলৈ দিছে। ২০১৯ চনৰ পৰা এতিয়ালৈকে ৰাজনৈতিক দলসমূহে এবাৰো নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত নির্বাচন আয়োগে যোৱা মাহত ৩৩৪টা ৰাজনৈতিক দলৰ নাম বাতিল কৰিছিল। ইয়াকে লৈ এতিয়ালৈকে বিগত দুটা মাহত মুঠ ৮০৮টা পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ কৰ্তন কৰা হৈছে। আয়োগে জনোৱা ...