ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰে। এই পৰ্যায়ত ৫১ কোটি ভোটদাতা সংযুক্ত কৰা হৈছে। যোৱা ৪ নৱেম্বৰত দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হয়। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে চত্তিশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুডুচেৰী, লাক্ষ্যাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। অহা বছৰৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ লগে লগে এই বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়াৰ সামৰণি পৰিব।
Assamese | November 28, 2025 9:42 PM | Election Commission
ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ