ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৫০ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰে। এই পর্যায়ত ৫১ কোটি ভোটদাতা সংযুক্ত হোৱাৰ লগতে আৰু ৯৯ দশমিক ২৫ শতাংশ প্র-পত্ৰ সামৰি লোৱা হৈছে। যোৱা ৪ নৱেম্বৰত দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে চত্তিশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্রদেশ, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুড়ুচেৰী, লাক্ষ্যাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।
Assamese | November 27, 2025 8:35 PM | Election Commission
ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৫০ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ