■ মুখ্য নির্বাচনী বিষয়া ৰাথন ইউ কেলকাৰে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ অগ্রগতি পর্যালোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰে। বিষয়াগৰাকীয়ে অৱগত কৰিছে যে তালিকাত থকা সকলো ভোটাৰৰ মাজত গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে, আৰু ইতিমধ্যে ৮৫% প্ৰ-পত্ৰৰ পূৰণ সম্পূৰ্ণ হৈছে। গণনা প্ৰ-পত্ৰ দাখিল কৰা সকলো ভোটাৰক খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। শ্রী কেলকাৰে লগতে কয় যে যিসকল ব্যক্তি ২০০২ চনৰ ভোটাৰ তালিকাৰ অংশ নাছিল, তেওঁলোকৰ বাবে নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ দ্বাৰা প্রমাণীকৰণ আৰু শুনানি অনুষ্ঠিত কৰা হ’ব। বৈঠকত বিজেপি, কংগ্ৰেছ,
চিপিআই, মুছলিম লীগ আৰু অন্যান্য ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে অংশগ্রহণ কৰিছিল।
Assamese | November 29, 2025 10:35 PM | Akashvani | Election Commission | Kerala
তিৰুৱন্তপুৰমত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে মুখ্য নির্বাচনী বিষয়াৰ বৈঠক