ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মুখ্য নির্বাচনী বিষয়াৰ সন্মিলনত দেশজোৰা বিশেষ পুনৰীক্ষণ (SIR) অনুশীলনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত এই সন্মিলনৰ সভাপতিত্ব কৰে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। বৈঠকত নির্বাচন আয়ুক্ত ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীয়েও অংশগ্রহণ কৰে। এই সন্মিলনত আয়োগে জিলা নির্বাচনী বিষয়া, নির্বাচনী পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষয়া আৰু বুথ পৰ্যায়ৰ এজেণ্টৰ নিযুক্তি আৰু প্ৰশিক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে।
Assamese | October 23, 2025 12:09 PM | Election Commission
ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ মুখ্য নির্বাচনী বিষয়াৰ সন্মিলন অনুষ্ঠিত