অহা ৬ অক্টোবৰত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই নিৰ্বাচনৰ অহা ১৬ ছেপ্তেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।
মনোনয়ন পত্ৰসমূহ ১৭ ছেপ্তেম্বৰত পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ১৯ ছেপ্তেম্বৰ। ভোটগ্রহণ ৬ অক্টোবৰত আৰু ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, উপ নির্বাচনটোত মুঠ ১৯ লাখ ৭ হাজাৰ ২০৯ গৰাকী ভোটদাতাই এহেজাৰ ৩৩৯টা ভোটকেন্দ্ৰৰ জৰিয়তে ভোটৰ অধিকাৰ সাব্যস্ত কৰিব।
লোকসভা সমষ্টিটোত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ ৮টা বিধানসভা সমষ্টি আছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সংশ্লিষ্ট জিলা দুখনত নির্বাচনী আচৰণবিধি বলৱৎ কৰা হৈছে। অহা ১৫ ছেপ্তেম্বৰত প’লিং-প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ’ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে।
ইফালে, নির্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্রশাসনে যাৱতীয় প্রস্তুতি গ্রহণ কৰিছে। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ উপস্থিতিত কালি ব্যৱস্থাগত ভোটদান আৰু নিৰ্বাচনী অংশগ্রহণ চমুকৈ ছুইপ কাৰ্যসূচীৰ অংশহিচাপে নগাঁও বিশ্ববিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিগাওঁ জিলাৰ আয়ুক্ত সৃষ্টি সিঙেও এই সন্দৰ্ভত এখন সংবাদ মেল অনুষ্ঠিত কৰে। জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত নির্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে।