September 29, 2026 5:16 PM

views 19

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাই আজি মৰিগাঁৱৰ গান্ধী ময়দানত দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। সভাত ড০ শৰ্মাই চৰকাৰে কল্যাণমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণক নিজৰ সম্ভাৱনাৰ পূৰ্ণ ৰূপায়ণত সহায় কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰাইডঙীয়াত প্ৰচাৰ সভাত ভাগ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দ...

September 29, 2026 4:01 PM

views 4

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ দলটোৰ নেতৃত্বই সমষ্টিটোৰ চুকে-কোণে প্ৰচাৰ অব্যাহত ৰাখিছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ৰহা, চামগুৰি আৰু লাহৰিঘাট সমষ্টিত এন ডি এৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ নিৰ্বাচনত বিজ...

September 22, 2026 4:40 PM

views 17

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দিপ পাত্ৰ, ৰাজীৱ বাববৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু...

September 12, 2026 4:15 PM

views 17

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ'ব। উপ-নিৰ্বাচনৰ বাবে ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন ইতিমধ্যে সম্পন্ন হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে কালি সমষ্টি ভিত্তিকভাৱে ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে ই ভি এম আৰু ভি ভি পেটসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে আৱণ্টন কৰা হয়...

September 10, 2026 2:58 PM

views 16

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগৰ অধিসূচনা জাৰি

অহা ৬ অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই নিৰ্বাচনৰ অহা ১৬ ছেপ্তেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মনোনয়ন পত্ৰসমূহ ১৭ ছেপ্তেম্বৰত পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ১৯ ছেপ্তেম্বৰ। ভোটগ্রহণ ৬ অক্টোবৰত আৰু ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, উপ নির্বাচনটোত মুঠ ১৯ লাখ ৭ হাজাৰ ২০৯ গৰাকী ভোটদাতাই এহেজাৰ ৩৩৯টা ভোটকেন্দ্ৰৰ জৰিয়তে ভোটৰ অধিকাৰ সাব্যস্ত ক...

June 10, 2026 3:00 PM

views 33

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা ৰাজ্যসভাৰ সাংসাদ শুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল।

June 8, 2026 6:06 PM

views 27

ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰিছে

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰে আজি তেওঁ দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। শ্ৰী ৰয়ে ৰাজ্যসভাৰ সদস্যপদ ত্যাগ কৰাই নহয়, বৰং দলৰ প্রাথমিক সদস্য পদৰ পৰাও পদত্যাগৰ ঘোষণা কৰে।  সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত শ্ৰী ৰয়ে তৃণমূল কংগ্ৰেছ দলটো দুর্নীতি, মহিলাৰ বিৰুদ্ধে অপৰাধমূলক কামকাজ কৰা, শিক্ষা, স্বাস্থ্য, উদ্যোগ, নিযুক্তি আৰু আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁ কয়, যে শেহতীয়াকৈ অনুষ্ঠিত পশ্চিমবংগৰ বিধানসভা নির্বাচনলৈ আঙুলিয়াই দি কয়, যে ব...

June 2, 2026 12:14 PM

views 56

৩ খন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

■ নিৰ্বাচন আয়োগে কালি ৰাজ্যসভাৰ ২৭ খন আসনৰ দ্বিবার্ষিক নিৰ্বাচন আৰু উপ-নির্বাচনৰ লগতে তিনিখন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে। ইয়াৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া কালিৰেপৰা আৰম্ভ হৈছে। উল্লেখযোগ্য যে দেশৰ ১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবার্ষিক নির্বাচন অনুষ্ঠিত হ'ব। মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাত এখনকৈ আসনৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব। বিহাৰ আৰু কৰ্ণাটকৰ বিধান পৰিষদৰ বাবে ক্ৰমে ৯ খন আৰু ৭ খন আসনৰ বাবে দ্বিবার্ষিক নির্বাচন অনুষ্ঠিত হ'ব। একেদ...

January 6, 2026 7:07 AM

views 90

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে মত-বিনিময় অনুষ্ঠান

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত আজি নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে হোৱা এটা মত- বিনিময় অনুষ্ঠানত সমাগত নির্বাচনত বজালী সমষ্টিত অগপই প্রার্থিত্ব বিচৰাৰ কথা প্ৰকাশ কৰে। ইংৰাজী নৱবৰ্ষত বজালীৰ সাংবাদিকসকলক শুভেচ্ছা জনোৱাৰ বাবে অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতিৰ সভাপতি জিন্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড০ ৰঞ্জিত ডেকাই মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি এই সমষ্টিটো অগপক এৰি দিয়াৰ পোষকতা কৰে। তেওঁ কয় যে অগপ-বিজেপি লগ হৈ অসমৰ উন্নতিৰ হকে কাম কৰি আহিছে ...

January 6, 2026 7:33 AM

views 71

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ

ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ হৈছে। ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে দলটোৱে আবেদন পত্ৰ ৱেবছাইটযোগে মুকলি কৰি দিছে। WWW.APCC.ASSAM.ORG ৱেবছাইটযোগে প্রায় ৫ শতাধিক প্রার্থিত্ব প্রত্যাশীয়ে আবেদন সংগ্রহ কৰিছে। ইয়াৰে ৫গৰাকী আবেদনকাৰীয়ে আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিছে। প্রার্থীসকলে অসম প্রদেশ কংগ্ৰেছ কমিটীলৈ সাহায্য হিচাপে ডিমাণ্ড ড্রাফ্‌টযোগে ৫০ হাজাৰকৈ টকা জমা দিছে। আবেদন পত্র জমা দিয়া প্ৰাৰ্থীসকলৰ ভিতৰত টিংখং সমষ্টিৰ...