নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। অহা ৬ অক্টোবৰত ভোটগ্রহণ হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব। উপ-নিৰ্বাচনৰ বাবে ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন ইতিমধ্যে সম্পন্ন হৈছে।

এই প্ৰক্ৰিয়াৰ জৰিয়তে কালি সমষ্টি ভিত্তিকভাৱে ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে ই ভি এম আৰু ভি ভি পেটসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে আৱণ্টন কৰা হয়। বিজেপিয়ে উপ নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

এ আই ইউ ডি এফেও ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। কংগ্ৰেছে দুই এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা দলৰ নেতা তথা চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলে আজি সাংবাদিকৰ আগত কয় যে ৰাজীৱ ভৱনত প্ৰাৰ্থী বাচনি কৰি দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। অচিৰেই প্ৰাৰ্থী ঘোষণা হ’ব বুলিও তেওঁ মন্তব্য কৰে।