তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।
উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা ৰাজ্যসভাৰ সাংসাদ শুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল।