October 3, 2026 9:20 PM

views 4

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্রাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ-জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্রাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ-জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাগীৰোডত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিবলৈ অসমলৈ আহিব বুলি তেওঁ কয়। জাগীৰোডৰ এই ছেমিকণ্ডাক্টৰ প্ৰকল্প বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চিপ প্রস্তুতকাৰী উদ্যোগ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই প্ৰকল্পত দৈনিক ৪৮.৪ মিলিয়ন চিপ উৎপাদন কৰা ...

September 24, 2026 12:37 PM

views 25

২০৩১ চনৰ ভিতৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩০লৈ বৃদ্ধি পাবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ন্যাস হাস্পতালৰ শুভ উদ্বোধন কৰে। ৭৫০ খন বিছনাযুক্ত এই অত্যাধুনিক হাস্পতালে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। বাবা বৈদ্যনাথলৈ শ্রদ্ধা নিবেদন কৰি আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ন্যাস আৰু পি ডি হিন্দুজা হাস্পতাল এণ্ড মেডিকেল ৰিছাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত হাস্পতালখন আৰম্ভ কৰা হৈছে। ইয়াত পৰৱৰ্তী সময়ত মেডিকেল কলেজো নিৰ্মাণ কৰা হ'ব বুলিও তেও...

September 22, 2026 8:11 PM

views 17

বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্তুষ্টি প্ৰকাশ

বিশ্ব গঁড় দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি সন্তুষ্টি ব্যক্ত কৰে। গঁড়ৰ সুৰক্ষাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেঁও কয় যে ৰাজ্যত গঁড় হত্যাৰ সংখ্যা শূন্য লৈ অৱনমিত কৰাৰ লগতে গঁড়ৰ আৱাসভূমি বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কাজিৰঙাৰ সংৰক্ষণৰ নীতিয়ে সমগ্ৰ বিশ্বৰ বাবে আদর্শ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰিবেশতন্ত্র অধিক বিকশিত কৰাৰ বাবে চৰকাৰ সাজু হৈ উঠিছে। বিশেষকৈ বাৰিষা বানৰ পৰা সুৰক্ষা দিয...

September 2, 2026 5:44 PM

views 18

অনাগত সময়ত আৰক্ষীত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অনাগত সময়ত আৰক্ষীত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে জেষ্ঠ্য আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এই আৰক্ষীসকলে প্রশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক আধুনিক প্রযুক্তিগতভাৱে সু-সজ্জিত কৰি তুলিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ...

August 21, 2026 6:38 PM

views 37

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্রসূ আছিল বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমর্থনৰ বাবে প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰী যোশীয়ে এছ এন এ- স্পৰ্শ...

August 21, 2026 5:55 PM

views 38

শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘলায়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে বার্তালাপ

মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অর্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী বৰাই কয় যে, শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্রীতিকৰ পৰিস্থিতিত শিশু সহ বহুতো লোক আঘাট প্রাপ্ত হয়। ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ...

August 19, 2026 7:55 PM

views 36

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিবঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই কয়, যে জনসাধাৰণৰ হিতার্থে প্রশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয়, যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান ...

August 11, 2026 1:03 PM

views 50

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলিবিদ্ধ

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলিবিদ্ধ হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদটিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে, এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি সাংবাদিকৰ আগত কয়, যে এই ঘটনা সন্দৰ্ভত স...

August 11, 2026 1:29 PM

views 19

সাম্প্ৰতিক বানত ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্রশাসনক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনসংস্থাপনৰ কামকাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্রস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয...

July 17, 2026 12:34 PM

views 32

ৰাজ্য চৰকাৰৰ বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত হিন্দী চিনেমা নিৰ্মাণৰ পৰিকল্পনা

ৰাজ্যত অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আগষ্টৰ পৰা নিযুত মইনা আৰু ৭ আগষ্টৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ...