July 17, 2026 12:34 PM

views 36

ৰাজ্য চৰকাৰৰ বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত হিন্দী চিনেমা নিৰ্মাণৰ পৰিকল্পনা

ৰাজ্যত অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আগষ্টৰ পৰা নিযুত মইনা আৰু ৭ আগষ্টৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ...

July 17, 2026 11:34 AM

views 44

ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে। সেই অনুসৰি অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ’ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ইফালে, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আৰু ৭ আগষ্টৰ পৰা নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিও আৰম্ভ কৰা হ'ব বুলি তেওঁ জ...

July 10, 2026 6:46 PM

views 28

এইবাৰৰ বাজেট চৰকাৰৰ সংকল্প পত্ৰত থকা প্রতিশ্রুতিসমূহ বাস্তবায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলনঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্রতিশ্রুতিসমূহ বাস্তবায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। ২০২৬-২৭ বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ড° শৰ্মাই কয়, যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয়, যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে যাৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষ...

July 7, 2026 6:01 PM

views 27

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বিধানসভাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ড০ শৰ্মাই কয়, যে আৰক্ষীয়ে মাদক দ্রব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এ...

July 2, 2026 7:37 PM

views 29

দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্রকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱ...

June 26, 2026 1:57 PM

views 38

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ'ব। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে কালি গুৱাহাটীৰ লোকসেৱা ভৱনত ১৩ টা বিভাগত বাজেট প্রস্তাৱৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এইদৰে মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জনমুখী আৰু উন্নয়নমুখী বাজেটৰ জৰিয়তে অসমৰ সামগ্রিক বিকাশ ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এখন জনমুখী বাজেট প্রস্তুত কৰাৰ লক্ষ্যৰে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ পৰা পৰামৰ...

June 24, 2026 2:05 PM

views 31

ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধ্যতাৰ সময়সীমা ৩০ জুনৰ পৰিৱৰ্তে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ

ৰাজ্যিক মন্ত্রীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয়, যে ৰাজ্যত উদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিবেশনত উত্থাপন কৰা হব। ইয়াৰ অধীনত ক্ষুদ্র, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্রকল্প স্থাপনৰ বাবে স্বয়ংক্রিয়ভাৱে ভূমি ৰূপা...

June 21, 2026 12:15 PM

views 29

ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অবগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্টদূত হার্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ ২৭ খন দেশৰ নাগৰিকে এতিয়াৰে পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু...

June 10, 2026 3:55 PM

views 32

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ ৩ কোটি ৫০ লাখ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ড০ শৰ্মাই কয় যে প্রধানমন্ত্ৰ মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰাত শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় ...

June 10, 2026 3:00 PM

views 34

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা ৰাজ্যসভাৰ সাংসাদ শুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল।