July 2, 2026 7:37 PM

views 24

দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্রকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱ...

June 26, 2026 1:57 PM

views 33

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ'ব। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে কালি গুৱাহাটীৰ লোকসেৱা ভৱনত ১৩ টা বিভাগত বাজেট প্রস্তাৱৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এইদৰে মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জনমুখী আৰু উন্নয়নমুখী বাজেটৰ জৰিয়তে অসমৰ সামগ্রিক বিকাশ ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এখন জনমুখী বাজেট প্রস্তুত কৰাৰ লক্ষ্যৰে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ পৰা পৰামৰ...

June 24, 2026 2:05 PM

views 26

ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধ্যতাৰ সময়সীমা ৩০ জুনৰ পৰিৱৰ্তে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ

ৰাজ্যিক মন্ত্রীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয়, যে ৰাজ্যত উদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিবেশনত উত্থাপন কৰা হব। ইয়াৰ অধীনত ক্ষুদ্র, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্রকল্প স্থাপনৰ বাবে স্বয়ংক্রিয়ভাৱে ভূমি ৰূপা...

June 21, 2026 12:15 PM

views 23

ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অবগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্টদূত হার্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ ২৭ খন দেশৰ নাগৰিকে এতিয়াৰে পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু...

June 10, 2026 3:55 PM

views 27

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ ৩ কোটি ৫০ লাখ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ড০ শৰ্মাই কয় যে প্রধানমন্ত্ৰ মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰাত শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় ...

June 10, 2026 3:00 PM

views 30

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা ৰাজ্যসভাৰ সাংসাদ শুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল।

June 10, 2026 11:00 AM

views 39

ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা ২ শতাংশ অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিবঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

● ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা ২ শতাংশ অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয়, যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে ৮ লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰ লাভান্বিত হ'ব। ৰাজ্য চৰকাৰে অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ বৰ্তমানৰ ৫৮ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি পাব। উল্লেখযোগ্য যে মন্ত্ৰীসভাৰ শেহতীয়া বৈঠকত ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া ...

June 9, 2026 6:11 PM

views 22

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ সংঘ-এফ ই বি আই, ইণ্ডিয়াৰ সৈতেও ফলপ্রসূ আলোচনাত মিলিত হয়। ইউৰোপৰ ২৫০ টাৰো অধিক প্ৰতিষ্ঠান আৰু ছহেজাৰৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসম...

June 8, 2026 7:32 PM

views 18

লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সর্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্রসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অর্থাৎ‍ নাবার্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কর্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে।...

June 6, 2026 3:10 PM

views 43

অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ১.৫০ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি ২ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে

অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ১.৫০ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি ২ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড° শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ ২ কোটি টকাৰ ভিতৰত ১০ শতাংশ টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব। অর্থাৎ ১ কোটি ৮০ লাখ টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু ২০ লাখ টকা অন্যান্য কামত খৰচ হ'ব। অহা সাতদিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে ...