June 5, 2026 8:53 PM

views 33

দিছপুৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

♦ দিছপুৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণৰ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। [video width="640" height="360" mp4="https://newsonair.gov.in/wp-content/uploads/2026/06/Prees-Meet-CMO-Assam.mp4"][/video] লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্রী উপস্থিত ...

June 5, 2026 5:49 PM

views 31

অসম মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ সম্পন্ন

♦ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্ৰীসকলক শপতবাক্য পাঠ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত এন ডি এ মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়ক তথা দলীয় নেতা-কর্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্রীসভাত এন ডি এৰ ১২গৰাকী বিধায়কে স্থান লাভ কৰে। ইয়াৰ...

June 4, 2026 10:32 AM

views 42

সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা

■ সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনামর্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অর্পন কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে, খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্...

June 1, 2026 10:25 PM

views 34

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণণক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উ...

January 22, 2026 11:54 AM

views 58

অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত অসমে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ পাছত ৰাজ্যখনত বিশ্বৰ ভালেকেইটা কোম্পানীয়ে বিনিয়োগৰ বাবে ইচ্ছা প্রকাশ কৰিছে। অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভ’ছত এই সন্মিলনত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে জনাইছে। ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূর্বাঞ্চল উপকৃত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি ...

January 17, 2026 12:46 PM

views 92

অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ’ব

অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি ফে'চবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই আঁচনিৰ জৰিয়তে ৭৫ হাজাৰ যুৱকে দুই লাখ টকাকৈ লাভ কৰিব। তেওঁ লগতে কয়, যে স্নাতক পৰীক্ষাত উত্তীর্ণসকলক আর্থিকভাৱে সহায়ৰ অৰ্থে ১১ ফেব্ৰুৱাৰীত জীৱন প্ৰেৰণা আঁচনি মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোধৰণৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে। গুৱাহাটী আৰু যোৰহাটত নির্মীয়মান কেইবাখনো উৰণ সেতুও ফেব্ৰুৱাৰীতে ...

January 13, 2026 5:05 PM

views 51

উত্তৰ কৰিমগঞ্জ বিধান সভা সমষ্টিত মহিলা উদ্যমিতা পুঁজিৰ চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ কৰিমগঞ্জ বিধান সভা সমষ্টিৰ ১৪ হাজাৰ ১৩৫ গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। শ্ৰীভূমি জিলাৰ ক্রীড়া সন্থা খেলপথাৰত এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষন দি মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকলক আর্থিকভাৱে সবল কৰি ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ বিকাশ সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ মহিলাসকলক এই ধনৰাশিৰ যথোচিত ব্যৱহাৰেৰে স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায়। ড০ শৰ্মাই ইয়াৰ পাছত আজি কাটিগড়া আৰু বৰখলা...

January 9, 2026 12:12 PM

views 53

এ ডি আৰ ইত উত্তীর্ণ ৪,৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীর্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি কাইলৈ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত এ ডি আৰ ইত উত্তীৰ্ণ ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এট...

January 6, 2026 7:48 AM

views 67

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। মঙলদৈৰ পুনিয়াত দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণস্থলীত আয়োজন কৰা এই কাৰ্যসূচীত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক বসন্ত দাস আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা...

January 6, 2026 7:45 AM

views 50

সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ ২৩ হাজাৰ ৭৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ড° শৰ্মাই সৰুপথাৰত ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্রীড়া প্ৰকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুৰণি পথ উদ্বোধন কৰে। তেওঁ লগতে অসমমালাৰ...