♦ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে।
গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্ৰীসকলক শপতবাক্য পাঠ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত এন ডি এ মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়ক তথা দলীয় নেতা-কর্মীসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্রীসভাত এন ডি এৰ ১২গৰাকী বিধায়কে স্থান লাভ কৰে। ইয়াৰে ১১ গৰাকী বিজেপিৰ আৰু এগৰাকী অসম গণ পৰিষদৰ।