ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা ২ শতাংশ অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিবঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

● ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা ২ শতাংশ অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয়, যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে ৮ লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰ লাভান্বিত হ’ব।

ৰাজ্য চৰকাৰে অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ বৰ্তমানৰ ৫৮ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি পাব। উল্লেখযোগ্য যে মন্ত্ৰীসভাৰ শেহতীয়া বৈঠকত ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।