লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা কৰে।

মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সর্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্রসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অর্থাৎ‍ নাবার্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কর্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে।

ইয়াৰ লগতে ৰাজ্যৰ অধিকসংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জি আই টেগ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্রমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে৷