মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণণক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক’ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপ-ৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে।
ইপিনে, ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্রীয় শ্রম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ড° শৰ্মাই কেন্দ্রীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্রস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা ক্ৰীড়া প্রতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ।
Assamese | June 1, 2026 10:25 PM | Chief Minister Dr Himanta Biswa Sarma | CMO Assam | JP Nadda
কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ