August 13, 2026 5:04 PM

views 24

যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ মত-বিনিময়

  যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে যোগাযোগ স্থাপন কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে আয়োজিত এই কার্যসূচীত দিয়া ভাষণত শ্রী নাড্ডাই যক্ষ্মা মুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত স্থায়ী ৰাজনৈতিক আৰু প্ৰশাসনিক সংযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উদ্ভাৱনীমূলক ৰোগী চিনাক্তকৰণ কৌশল, আগতীয়াকৈ ৰোগ নিৰ্ণয়, ৰোগীকেন্দ্ৰিক যত্ন আৰু সামূ...

August 5, 2026 4:25 PM

views 54

প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয...

July 11, 2026 8:11 PM

views 32

‘‘বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা, স্বাস্থ্যৱান পৰিয়ালৰ অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে’’-জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা, স্বাস্থ্যৱান পৰিয়ালৰ অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয়, যে সন্তানৰ মাজত যদি সঠিক অন্তৰাল থাকে তেতিয়া পৰিয়ালসমূহ সুস্থ আৰু সুখী হৈ পৰে। তেওঁ গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰা, এখন সুস্থ, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰতিবছৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্...

July 10, 2026 7:42 PM

views 19

আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতি পর্যালোচনাৰ বাবে বহা তৃতীয়খন বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে.পি নাড্ডাৰ সভাপতিত্ব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগৎ প্রসাদ নাড্ডাই আজি আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতি পর্যালোচনাৰ বাবে বহা তৃতীয়খন বৈঠকত সভাপতিত্ব কৰে। বৈঠকত উল্লেখ কৰা হয় যে আয়ুষ্মান ভাৰত ডিজিটেল অভিযান বিশ্বৰ অন্যতম বৃহৎ ডিজিটেল স্বাস্থ্য ব্যৱস্থা হিচাপে গঢ় লৈ উঠিছে। ইয়াৰ অধীনত প্রায় ৯৪ কোটি আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট খোলা হৈছে আৰু ১০৫ কোটি স্বাস্থ্য নথি সংযুক্ত কৰা হৈছে। ৫ লক্ষাধিক স্বাস্থ্য প্রতিষ্ঠান ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পঞ্জীয়নত অন্তৰ্ভুক্ত হৈছে বুলিও আজিৰ বৈঠক...

June 1, 2026 10:25 PM

views 40

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণণক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উ...

December 4, 2025 6:26 PM

views 67

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনাৰ পৰা চৰকাৰে আঁতৰি ফুৰিছে বুলি অনা অভিযোগক খণ্ডন জে পি নাড্ডাৰ

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা চৰকাৰ আঁতৰি ফুৰিছে বুলি অনা অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই খণ্ডন কৰিছে। কংগ্ৰেছ দলৰ সদস্য তথা ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাগেই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত শ্ৰী নাড্ডাই আজি সদনত কয়, যে সংসদত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু আৰু ই বিৰোধীয়ে দাবী কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা আঁতৰি ফুৰা নাই। শ্ৰী নাড্ডাই লগতে সংসদৰ যোৱাবাৰৰ অধিৱেশনত চৰকাৰে আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া ...

November 17, 2025 8:15 PM

views 55

নৰৱে’ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত নৰৱে'ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত ভাৰত আৰু নৰৱে'ৰ মাজৰ স্বাস্থ্য খণ্ডৰ লগতে ঔষধৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থকা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ পোষকতা কৰা হয় বুলি শ্ৰীনাড্ডাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে। ডিজিটেল স্বাস্থ্য খণ্ডত ভাৰতৰ অগ্ৰাধিকাৰ, মানৱ সম্পদৰ উন্নয়ন, শিশু আৰু মাতৃৰ পুষ্টি আৰু বিভিন্ন ৰোগ সম্বন্ধে দুয়োখন দেশৰ সন্মিলিত গৱে...

September 22, 2025 9:08 PM

views 73

নতুন সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰে সমগ্ৰ দেশৰ জনসাধাৰণক লাভান্বিত কৰিবঃ জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নতুন সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰে সমগ্ৰ দেশৰ জনসাধাৰণক লাভান্বিত কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি ব্যৱসায়ীসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিপনীৰ স্বত্তাধিকাৰীসকলক তেওঁলোকৰ বিপনীত স্বদেশী সা-সামগ্ৰী বিক্ৰী কৰাত অগ্ৰাধিকাৰ দিয়াৰ বাবে আহ্বান জনায়। ক্ষুদ্ৰ ব্যৱসায়ীসকলক সমর্থন আগবঢ়োৱা আৰু ব্যৱসায়ীক সূচলতা বৃদ্ধিয়ে এই সংস্কাৰৰ মূল লক্ষ্য।

September 16, 2025 8:36 PM

views 73

ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছেঃ জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই বৰ্তমানৰ চিকিৎ‍সা প্ৰযুক্তিৰ দিশটোৰ ওপৰত জোৰ দি কৈছে যে এতিয়াৰ ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে একাদশ এছিয়া পেচিফিক মেড টেক ফ'ৰাম ২০২৫ উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীজনে এনেদৰে ব্যক্ত কৰে। এই ক্ষেত্ৰখনত থকা বহল পৰিসৰৰ সুবিধাসমূহ, চিকিৎসা ব্যৱস্থা, উন্নত মানৰ চিকিৎ‍সাৰ আহিলাপাতি, ডিজিটীয় ব্যৱস্থাৰে কৰা স্বাস্থ্য পৰীক্ষা আৰু কৃত্রিম বুদ্ধিমত্...

August 7, 2025 8:33 PM

views 58

পশ্চিমবংগত বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীক টি এম চিৰ কৰ্মীসকলে অন্যায়ভাৱে আক্ৰমণ কৰা কাৰ্য্যৰ গৰিহনা জে পি নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বি জে পি নেতা জগৎ প্রকাশ নাড্ডাই আজি পশ্চিমবংগত বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীক টি এম চিৰ কৰ্মীসকলে অন্যায়ভাৱে আক্ৰমণ কৰা কাৰ্য্যৰ গৰিহনা দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী নাড্ডাই কয় যে এই আক্ৰমণ হৈছে গণতন্ত্ৰৰ প্ৰতি কৰা আক্ৰমণ। তেওঁ লগতে কয় যে আৰক্ষীৰ উপস্থিতিত হোৱা এই আক্রমনে ৰাজ্যখনত মমতা বেনাৰ্জী নেতৃতাধীন চৰকাৰখনৰ আইন শৃংখলাৰ শোচনীয় দিশটোকে প্ৰতিফলিত কৰিছে। ৰাজ্যখনত আইন-শৃংখলাহীন অৱস্থা আৰু ৰাজনৈতিক হিংসাত্মক ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয...