কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই ভাৰতে বিগত ১০ বছৰত স্বাস্থ্য সেৱা আৰু ডিজিটেল সেৱা প্ৰদানৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি মন্তব্য কৰে। নতুন দিল্লীত আজি এটা অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সংখ্যা এখনৰ পৰা ২৩ খনলৈ বৃদ্ধি পোৱাৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩৮৭ৰ পৰা ৮৬৩ লৈ বৃদ্ধি পাইছে।
আয়ুষ্মাণ ভাৰত ডিজিটেল অভিযানৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় তথ্য, প্রতিষেধক প্রদান আৰু কোটি কোটি লোকৰ স্বাস্থ্য পৰীক্ষাৰ সৈতে জড়িত তথ্যপাতি ডিজিটেল কৰা হৈছে যাতে স্বাস্থ্য সেৱা অধিক সুচল আৰু স্বচ্ছ হয়। দেশত বৰ্তমানলৈকে ৯৮ কোটি আয়ুষ্মাণ ভাৰত স্বাস্থ্য একাউণ্ট অর্থাৎ আভা কার্ড হিতাধিকাৰীক প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
আয়ুষ্মাণ আৰোগ্য মন্দিৰ সন্দৰ্ভত শ্ৰী নাড্ডাই কয়, যে চৰকাৰে কোটি কোটি লোকৰ স্বাস্থ্য পৰীক্ষা নিশ্চিত কৰাৰ লগতে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাও শক্তিশালী কৰিছে। আয়ুষ্মাণ ভাৰত আঁচনিৰ অধীনত প্রায় ৬১ কোটি লোকক পাঁচ লাখ টকা পর্যন্ত স্বাস্থ্য বীমা প্রদান কৰা হৈছে বুলি শ্ৰী নাড্ডাই প্ৰকাশ কৰে।