কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগৎ প্রসাদ নাড্ডাই আজি আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতি পর্যালোচনাৰ বাবে বহা তৃতীয়খন বৈঠকত সভাপতিত্ব কৰে। বৈঠকত উল্লেখ কৰা হয় যে আয়ুষ্মান ভাৰত ডিজিটেল অভিযান বিশ্বৰ অন্যতম বৃহৎ ডিজিটেল স্বাস্থ্য ব্যৱস্থা হিচাপে গঢ় লৈ উঠিছে। ইয়াৰ অধীনত প্রায় ৯৪ কোটি আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট খোলা হৈছে আৰু ১০৫ কোটি স্বাস্থ্য নথি সংযুক্ত কৰা হৈছে।
৫ লক্ষাধিক স্বাস্থ্য প্রতিষ্ঠান ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পঞ্জীয়নত অন্তৰ্ভুক্ত হৈছে বুলিও আজিৰ বৈঠকত প্ৰকাশ কৰে। বৈঠকত ভাষণ দি শ্রীনাড্ডাই কয়, যে আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অধীনত শক্তিশালী ডিজিটেল স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। ইয়াৰ পৰিৱৰ্তে দেশজুৰি ইয়াৰ গ্রহণযোগ্যতা আৰু ব্যৱহাৰ বৃদ্ধিত গুৰুত্ব দিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে সামুহিক স্বাস্থ্য সেৱাৰ লক্ষ্য পুৰণৰ বাবে নতুন প্রযুক্তিয়ে শক্তিশালী সহায়ক হিচাপে কাম কৰি যাব লাগিব।
লগতে প্ৰতিজন নাগৰিকৰ বাবে অন্তর্ভুক্তিমূলক, সহজলভ্য স্বাস্থ্য সেৱা নিশ্চিত কৰিব লাগিব। মন্ত্রী জে পি নাড্ডাই কয়, যে নতুন ডিজিটেল আন্তঃগাঁথনিয়ে উন্নত স্বাস্থ্যসেৱা, চিকিৎসাৰ ধাৰাবাহিকতা বৃদ্ধি আৰু জনসাধাৰণৰ সন্মতি ভিত্তিক স্বাস্থ্য নথিলৈ প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈঠকত আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ ভৱিষ্যত কাৰ্যসূচীৰ সন্দৰ্ভতো আলোচনা কৰা হয়। তাৰ ভিতৰত ডিজিটেল স্বাস্থ্যসেৱাৰ ব্যৱহাৰ অধিক বিস্তাৰ কৰা, কৃত্রিম বুদ্ধিমত্তাকে ধৰি উন্নত প্ৰযুক্তিৰ সৎ ব্যৱহাৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা আদি বিষয়সমূহৰ আলোচনা কৰা হয়।