May 29, 2025 9:32 PM

views 55

আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযানঃ জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কয়, যে আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযান। আয়ুষ্মাণ ভাৰতৰ জৰিয়তে দেশৰ ৬২ কোটি লোকক সামৰি লোৱা হৈছে। নতুন দিল্লীত অনুষ্ঠিত চি আই আই বার্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী নাড্ডাই কয়, যে ৭০ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক অয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি ৫ লাখ টকা মূল্যৰ চিকিৎসা ব্যয় আগবঢ়োৱা হয়। এই আঁচনি প্ৰৱৰ্তনৰ সময়ৰে পৰা বৰ্তমানলৈ ৯ কোটি ৪০ লাখ হাস্পতালত ইয়াৰ সুবিধা অন্তৰ্ভুক্ত হৈছে।

May 24, 2025 11:52 AM

views 70

গৃহমন্ত্রীক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়লৈ আলোচনা কৰে।   মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে লাভ কৰা অভূতপূর্ণ সফলতাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। ড০ শৰ্মাই মাওবাদী নিৰ্মূলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ তথা এইক্ষেত্ৰত লাভ কৰা বৃহৎ সফলতাৰ বাবে শ্রীশ্বাহক অভিনন্দন জনায় ৷ মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি ন...

February 11, 2025 3:49 PM

views 53

চৰকাৰে দেশৰ জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সকলো সুবিধা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছেঃ জে পি নাড্ডা

স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে চৰকাৰে দেশৰ জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সকলো সুবিধা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এনে অঞ্চলসমূহত স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ চিনাক্ত কৰি চিকিৎসা প্ৰদানৰ বাবে এটা বৃহৎ ব্যৱস্থা গঢ়ি তোলা হৈছে। জনজাতীয় অঞ্চলসমূহত গৈ চিকিৎসা সেৱা প্ৰদানৰ বাবে চিকিৎকসকলক উৎসাহিত কৰাৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শ্ৰী নয়ডাই উল্লেখ কৰে।

February 7, 2025 5:34 PM

views 47

জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় চৰকাৰে জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰৰ পূৰ্ণ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকে, বিশেষকৈ জনজাতীয় অঞ্চলসমূহত বসবাস কৰা লোকসকলে যাতে উৎকৃষ্ট চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে আন এটা প্ৰশ্নৰ উত্তৰত কয় যে বিগত ৩০ ব...

January 8, 2025 9:08 PM

views 53

তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি জেপি নাড্ডাৰ

দুদিনীয়া ভ্রমণসূচী লৈ অসমলৈ অহা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগৎ প্রসাদ নাড্ডাই আজি দুপৰীয়া তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিৰ্মাণ কৰা অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ১২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা এই পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটোৱে ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু ৰোগীসকলক অধিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ১৮৭৬ চনত তদানীন্তন ইংৰাজ চৰকাৰৰ দিনত পগলা ফাটেক নামেৰে পৰিচিত হোৱা এই মানসিক চিকিৎসালয়...

January 7, 2025 9:02 PM

views 49

দুদিনীয়া অসম ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডা দুদিনীয়া অসম ভ্রমণসূচীৰে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। নিশাটো তেওঁ গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ পুৱা তেজপুৰলৈ যাত্ৰা কৰিব৷ ইয়াৰ পাছত তেওঁ দুপৰীয়া মঙলদৈলৈ আহিব আৰু দিনৰ ১২ বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত নির্মাণ কৰিবলগীয়া ক্রিটিকেল কেয়াৰ ইউনিটৰ আধাৰশিলা স্থাপন কৰিব। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ২৩ কোটি ৭৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই ক্রিটি...

December 29, 2024 11:53 AM

views 52

প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ মৃত্যুক লৈ কংগ্ৰেছে ৰাজনীতি কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অভিযোগ

কংগ্ৰেছে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ মৃত্যুক লৈ ৰাজনীতি কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অভিযোগ তুলিছে। শ্রী নাড্ডাই কালি এটা বিবৃতি যোগে কয়, যে কংগ্ৰেছে ৰাজনৈতিক মুনাফাৰ বাবে ড০ মনমোহন সিঙৰ নাম ব্যৱহাৰ কৰি আছে। সভাপতিগৰাকীয়ে কয়, যে এন ডি এ চৰকাৰে দেশৰ সকলো প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰধানমন্ত্রী সংগ্ৰহালয় স্থাপন কৰিছে। তেওঁ লগতে কংগ্ৰেছে অকল নিজৰ পৰিয়ালৰ সদস্যসকলৰ বাবে স্মাৰক নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ কৰি আহিছে বুলি অভিযোগ তোলে।

December 15, 2024 11:33 AM

views 52

ভাৰতীয় সংবিধান প্ৰণয়নৰ ৭৫ বছৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ শলাগ বিজেপিৰ সভাপতি জে পি নাড্ডাৰ

বিজেপিৰ সভাপতি জে পি নাড্ডাই ভাৰতীয় সংবিধান প্ৰণয়নৰ ৭৫ বছৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ শলাগ লৈছে। শ্রী নাড্ডাই কয়, যে প্রধানমন্ত্ৰীৰ এই ভাষণে দেশৰ সংবিধান আৰু অন্যান্য বিষয় লৈ কংগ্ৰেছ আৰু বিৰোধীয়ে বিয়পোৱা বিভ্ৰান্তিসমূহ আঁতৰ কৰিব । সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রী নাড্ডাই কয়, যে সংবিধান দিৱস উদযাপনৰ আৰম্ভণি আৰু সংবিধান প্রণেতা বাবাচাহেব আম্বেদকাৰৰ আদৰ্শৰ অনুসৰণে, বিজেপি যে সঁচা অৰ্থত সংবিধানৰ ৰক্ষক সেই কথাকেই প্ৰমাণ কৰে। বিগত ১০ বছৰত প্ৰ...

November 22, 2024 5:50 PM

views 55

মণিপুৰৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে কংগ্ৰেছক অভিযোগ জে পি নাড্ডাৰ

বিজেপিৰ সভাপতি জে পি নাড্ডাই মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ কৰি তোলা বুলি কংগ্ৰেছক অভিযোগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ প্ৰতি সঁহাৰি জনাই শ্ৰী নাড্ডাই এই অভিযোগ তোলে। বিজেপিৰ সভাপতিগৰাকীয়ে শ্ৰী খাৰ্গেলৈ লিখা পত্ৰখনত উল্লেখ কৰে যে সুৰক্ষা আৰু প্ৰশাসনিক ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰত থকা পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দায়িত্বহীন ৰণনীতি হৈছে উগ্ৰপন্থী আৰু হিংসা বিয়পোৱা সংস্থাসমূহে মণিপুৰৰ শান্তি...

October 10, 2024 5:19 PM

views 63

কলকাতাত উপস্থিত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জেপি নাড্ডা

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগত প্রকাশ নাড্ডা আজি কলকাতাত উপস্থিত হয়৷ তেওঁ বেলুৰ মঠ ভ্ৰমণ কৰিব আৰু দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত শ্ৰী নাড্ডা সন্তোষ মিত্র square দুর্গা পূজা মণ্ডপলৈ যাব। তেঁও লগতে শেহতীয়াকৈ ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱা বাংলা ভাষা সন্দৰ্ভত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শেহতীয়াকৈ বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে।