কেন্দ্ৰীয় চৰকাৰে জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰৰ পূৰ্ণ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকে, বিশেষকৈ জনজাতীয় অঞ্চলসমূহত বসবাস কৰা লোকসকলে যাতে উৎকৃষ্ট চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে আন এটা প্ৰশ্নৰ উত্তৰত কয় যে বিগত ৩০ বছৰত বিশ্বত প্রসুতিৰ মৃত্যুৰ হাৰ ৪২ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে ভাৰতত তুলনামূলকভাৱে এই হাৰ ৮৩ শতাংশলৈ হ্ৰাস পাইছে।
Assamese | February 7, 2025 5:34 PM | JP Nadda | Lok Sabha
জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ গুৰুত্ব আৰোপ