November 14, 2026 1:03 PM | Mamoni Goswami Birthday

printer

জ্ঞানপীঠ বঁটা বিজয়ী প্রসিদ্ধ সাহিত্যিক মামণি ৰয়চম গোস্বামীৰ ৮৪ সংখ্যক জন্মদিন

জ্ঞানপীঠ বঁটা বিজয়ী প্রসিদ্ধ সাহিত্যিক মামণি ৰয়চম গোস্বামীৰ ৮৪ সংখ্যক জন্মদিনত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। ১৯৪২ চনৰ ১৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা ড° মামণি ৰয়চম গোস্বামীয়ে অসমীয়াৰ উপৰি ইংৰাজী ভাষাতো সাহিত্য কৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধব কণ্ডলীৰ ৰামায়ণৰ গৱেষণাত ডক্টরেট ডিগ্রী লাভ কৰা সাহিত্যিকগৰাকীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

ড° গোস্বামীৰ উল্লেখযোগ্য উপন্যাসসমূহ হৈছে অহিৰণ, চেনাবৰ স্রোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, দত্তাল হাতীৰ উঁয়ে খোৱা হাওদা আদি। ১৯৮২ চনত সাহিত্য একাডেমী বঁটা লাভ কৰা মামণি ৰয়চম গোস্বামীয়ে ২০০০ চনত জ্ঞানপীঠ বাঁটা লাভ কৰিছিল।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰেণ্য সাহিত্যিকগৰাকীৰ জন্মবার্ষিকীত শ্রদ্ধা নিবেদন কৰে। এটা বার্তাত মুখ্যমন্ত্রীয়ে কয়, যে মামণি ৰয়চম গোস্বামীয়ে তেওঁৰ কালজয়ী সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। অনন্য সাহিত্যিক প্রতিভা, গভীৰ জীৱনবোধ আৰু সৃষ্টিশীল চিন্তা-চেতনাৰে অসমৰ নাম উজ্বলাই তোলা ড° গোস্বামীৰ সৃষ্টিৰাজি আৰু সাহিত্যিক আদর্শই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্রাণিত কৰি যাব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।