বিজেপিৰ সভাপতি জে পি নাড্ডাই ভাৰতীয় সংবিধান প্ৰণয়নৰ ৭৫ বছৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ শলাগ লৈছে। শ্রী নাড্ডাই কয়, যে প্রধানমন্ত্ৰীৰ এই ভাষণে দেশৰ সংবিধান আৰু অন্যান্য বিষয় লৈ কংগ্ৰেছ আৰু বিৰোধীয়ে বিয়পোৱা বিভ্ৰান্তিসমূহ আঁতৰ কৰিব ।
সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রী নাড্ডাই কয়, যে সংবিধান দিৱস উদযাপনৰ আৰম্ভণি আৰু সংবিধান প্রণেতা বাবাচাহেব আম্বেদকাৰৰ আদৰ্শৰ অনুসৰণে, বিজেপি যে সঁচা অৰ্থত সংবিধানৰ ৰক্ষক সেই কথাকেই প্ৰমাণ কৰে। বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমি প্ৰতিটো খণ্ডৰ উন্নয়ন আৰু দেশৰ সামগ্রিক বিকাশৰ বাবে বদ্ধপৰিকৰ ।
Assamese | December 15, 2024 11:33 AM | JP Nadda
ভাৰতীয় সংবিধান প্ৰণয়নৰ ৭৫ বছৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ শলাগ বিজেপিৰ সভাপতি জে পি নাড্ডাৰ