কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কয়, যে আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযান। আয়ুষ্মাণ ভাৰতৰ জৰিয়তে দেশৰ ৬২ কোটি লোকক সামৰি লোৱা হৈছে। নতুন দিল্লীত অনুষ্ঠিত চি আই আই বার্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী নাড্ডাই কয়, যে ৭০ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক অয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি ৫ লাখ টকা মূল্যৰ চিকিৎসা ব্যয় আগবঢ়োৱা হয়। এই আঁচনি প্ৰৱৰ্তনৰ সময়ৰে পৰা বৰ্তমানলৈ ৯ কোটি ৪০ লাখ হাস্পতালত ইয়াৰ সুবিধা অন্তৰ্ভুক্ত হৈছে।
Assamese | May 29, 2025 9:32 PM | Akashvani | Ayushman Bharat | JP Nadda
আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযানঃ জে পি নাড্ডা