বিশ্ব মানসিক স্বাস্থ্য দিৱসত সুলভ আৰু জনসাধাৰণকেন্দ্ৰিক মানসিক স্বাস্থ্য সেৱাৰ প্ৰতি দায়বদ্ধতাৰ কথা প্ৰকাশ জে পি নাড্ডাৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই বিশ্ব মানসিক স্বাস্থ্য দিৱসত আজি সুলভ আৰু জনসাধাৰণকেন্দ্ৰিক মানসিক স্বাস্থ্য সেৱাৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কাৰ্যক্ষম হৈ থকা ৫৩টা টেলী- -মানস চেল আৰু ৪৮ লাখৰো অধিক ফোন-কল লাভৰ জৰিয়তে অধিক লোকক মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সমর্থন যোগোৱা হৈছে। শ্ৰীনাড্ডাই কয় যে মন জাগৃতি শীর্ষক পদক্ষেপে মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ লগতে আগতীয়াকৈ সহায় বিচৰাৰ প্ৰতি উৎসাহিত কৰা আৰু এই ক্ষেত্ৰত মানুহৰ ধাৰণাৰ পৰিৱৰ্তন কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলো নাগৰিকক এখন সহমর্মিতাৰে ভৰপুৰ সমর্থিত সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়, য’ত প্ৰত্যেকে ভয় আৰু বৈষম্য নোহোৱাকৈ মর্যাদাপূর্ণভাৱে সহায় বিচাৰিব পাৰে। তেওঁ লগতে কয় যে মানসিক স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ আৰু এই বিষয়ত প্ৰতিজন লোকৰ কথা শুনাটো দৰকাৰ। এই বছৰ এই দিৱসৰ বিষয়বস্তু হৈছে – জীয়াই থকাৰ অনুভৱক শুনাঃ প্রকৃত কণ্ঠ, প্রকৃত পৰিৱৰ্তন।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।