কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা, স্বাস্থ্যৱান পৰিয়ালৰ অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয়, যে সন্তানৰ মাজত যদি সঠিক অন্তৰাল থাকে তেতিয়া পৰিয়ালসমূহ সুস্থ আৰু সুখী হৈ পৰে। তেওঁ গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰা, এখন সুস্থ, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।
প্ৰতিবছৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি বিশেষ অভিযান চলাই আহিছে।