যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে যোগাযোগ স্থাপন কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে আয়োজিত এই কার্যসূচীত দিয়া ভাষণত শ্রী নাড্ডাই যক্ষ্মা মুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত স্থায়ী ৰাজনৈতিক আৰু প্ৰশাসনিক সংযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
তেওঁ উদ্ভাৱনীমূলক ৰোগী চিনাক্তকৰণ কৌশল, আগতীয়াকৈ ৰোগ নিৰ্ণয়, ৰোগীকেন্দ্ৰিক যত্ন আৰু সামূহিক অংশগ্রহণক ভাৰতৰ ত্বৰান্বিত যক্ষ্মা নির্মূল কৌশলৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে অভিহিত কৰে।
তেওঁ সাংসদসকলক জিলা প্রশাসনৰ মুৰব্বী আৰু স্বাস্থ্য সুবিধাসমূহৰ সৈতে জড়িত হৈ,যক্ষ্মা ৰোগৰ চিকিৎসা সেৱাৰ উপলব্ধতা আৰু মান পর্যালোচনাৰ দ্বাৰা আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে সৰ্বাত্মক প্রচেষ্টাৰে নিজ নিজ সমষ্টিত সক্রিয় ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনায়।
তেওঁ লগতে যক্ষ্মা নির্মূলক এটা স্থায়ী গণ আন্দোলন কৰি তুলিবলৈ জনসাধাৰণৰ সংযোগ আৰু সামাজিক সংগঠনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই পাৰস্পৰিক মত বিনিময় কালত সদ্য সমাপ্ত ১০০ দিনীয়া যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অধীনত লাভ কৰা অগ্রগতি পর্যালোচনা কৰা হয়৷