দিছপুৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

♦ দিছপুৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণৰ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়।

লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্রী উপস্থিত আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ পাছতেই এইখনেই প্রথমখন পূর্ণাংগ মন্ত্ৰীসভাৰ বৈঠক।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই সংবাদমাধ্যমকো সম্বোধন কৰে।