অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ১.৫০ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি ২ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে।
ড° শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ ২ কোটি টকাৰ ভিতৰত ১০ শতাংশ টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ’ব। অর্থাৎ ১ কোটি ৮০ লাখ টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ’ব আৰু ২০ লাখ টকা অন্যান্য কামত খৰচ হ’ব। অহা সাতদিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰে।
কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ ৫৮ শতাংশৰ পৰা বৃদ্ধি কৰি ৬০ শতাংশ কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত ৮ লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ’ব।
মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা ৬ জুলাইৰ পৰা ২১ দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রীয়ে কয়, যে বাজেট গৃহীত হোৱাৰ পাছত ১ আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ’ব।
কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ ২০ কিলোমিটাৰ ব্যাসার্ধলৈকে উন্নয়নমূলক কাম-কাজ কৰা হ’ব। ইয়াৰ বাবে ৫০০ কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মর্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে।
দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ, ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিড’ৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব।
একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকী সদস্য সচিব, দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কার্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকী সদস্য হিচাপে থাকিব। ইয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকল পদেন সদস্য হিচাপে থাকিব।