মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ সংঘ-এফ ই বি আই, ইণ্ডিয়াৰ সৈতেও ফলপ্রসূ আলোচনাত মিলিত হয়।

ইউৰোপৰ ২৫০ টাৰো অধিক প্ৰতিষ্ঠান আৰু ছহেজাৰৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকুল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নৱীকৰণযোগ্য শক্তি, কৃষি প্ৰ-সংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকর্ষণীয় গন্তব্য স্থান হিচাপে পৰিগণিত হৈছে বুলি ড° শৰ্মাই উল্লেখ কৰে।

ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ‘ব্লু ভেলিজ ক্লাষ্টাৰ’ শীৰ্ষক এখন কর্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

এই কৰ্মশালাত চুবুৰীয়া দেশ ভূটানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। কর্মশালাত মূলতঃ অসম ৰাইজিং দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা ছিপছলৈ : অসমৰ পৰা বিশ্বব্যাপি মূল্যশৃংখলা গঢ়ি তোলা আৰু অসম ২০৩৫ : বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীর্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়।

মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলো সম্বোধন কৰে। উল্লেখযোগ্য যে এই ‘ব্লু ভেলী ক্লাষ্টাৰ’ৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে।