মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ ৩ কোটি ৫০ লাখ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন জনাইছে।
সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ড০ শৰ্মাই কয় যে প্রধানমন্ত্ৰ মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰাত শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় প্ৰেৰণাৰ উৎস হৈ ৰব বুলি তেওঁ মন্তব্য কৰে।