October 23, 2026 6:15 PM

views 2

চৰকাৰৰ প্ৰতিটো নীতি আৰু প্ৰতিটো কাৰ্যব্যৱস্থাৰ সময়ত যুৱসমাজে সদায়েই কেন্দ্ৰবিন্দুত অৱস্থান গ্ৰহণ কৰি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ প্ৰতিটো নীতি আৰু প্ৰতিটো কাৰ্যব্যৱস্থাৰ সময়ত যুৱসমাজে সদায়েই কেন্দ্ৰবিন্দুত অৱস্থান গ্ৰহণ কৰি আহিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি শ্ৰীমোদীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বিগত ২৫ বছৰত চৰকাৰৰ মুৰব্বী হিচাপে তেওঁ নিজৰ সম্পূৰ্ণ সামর্থৰে দেশৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। প্রধানমন্ত্রীয়ে লগতে কয়, যে পূৰ্বে ভাৰতৰ পৰা চুৰি কৰি নিয়া মূর্তিকে ধৰি ৬৫০ বিধ পৌৰাণিক সামগ্ৰী চৰকাৰে ব...

October 22, 2026 8:39 PM

views 4

প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ নতুন দিল্লীত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলন মুকলি কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলন মুকলি কৰিব। ১৯৫১ চনত স্বামী চিন্ময়ানন্দই প্রতিষ্ঠান কৰা বিশ্বজোৰা অধ্যাত্মিক আন্দোলন চিন্ময় মিছনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বছৰজোৰা উদযাপনৰ সামৰণি কাৰ্যসূচী হিচাপে এই  ৩ দিনীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। Narendraপ্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে এই অনুষ্ঠানত দেশ-বিদেশৰ ৯ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব। তামিলনাডুৰ চিন্ময় মিছনে প্ৰস্তুত কৰা ভাগৱত গীতাৰ তামিল অনুবাদ প্রধানমন্ত্ৰীয়ে উন্মোচন কৰা কাৰ্...

October 22, 2026 4:20 PM

views 2

পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ পর্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থ সম্বলিত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত মত-বিনিময় কৰে। আজি এখন যুটীয়া সংবাদমেলত প্রধানমন্ত্রী মোদীয়ে কয় যে বিশ্ব সম্প্ৰতি অনিশ্চয়তা আৰু ৰূপান্তৰৰ সময়ৰ মাজেৰে পাৰ হৈছে আৰু এই প্ৰত্যাহ্বানসমূহ সত্বেও ভাৰত আৰু পোলেও বিকাশ, প্রযুক্তি আৰু উদ্ভাৱনৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে।...

October 7, 2026 5:44 PM

views 6

‘‘জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ মোৰ শক্তিৰ উৎস’’-প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিকশিত ভাৰত সংকল্প সভাত ভাষণ দি শ্রী মোদীয়ে কয়, যে তেওঁ আজি পুৱা শ্ৰী বিনায়ক মন্দিৰ দৰ্শন কৰি দেশ তথা ১৪০ কোটি নাগৰিকৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে অতি নিষ্ঠাৰে নিৰন্তৰ জনসাধাৰণৰ বাবে সেৱা কৰি যাব পৰাকৈ ভগৱানক বল আৰু শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়। প্রধানমন্ত্রীয়ে কয়, যে বিগত ২৫ বছৰত লাভ কৰা জনসাধাৰণৰ আস্থা আৰু এই সময়ছোৱাত লাভ কৰা অভিজ্ঞতা হৈছে বৃহৎ সম্প...

October 5, 2026 2:19 PM

views 10

দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সংযোগকে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত-বিনিময় কৰিব। ৰাষ্ট্ৰপতি পামেলিন শীর্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। পথ পৰিবহণ ...

September 26, 2026 9:18 PM

views 27

জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। আজিৰ শৃংখলাত চৰকাৰৰ এই লক্ষ্য পৰীক্ষা পে' চৰ্চা পদক্ষেপৰ মাধ্যমেৰে কিদৰে কাৰ্য ৰূপায়িত হৈছে এই বিষয়ে...

September 24, 2026 3:41 PM

views 12

দেওবাৰে দিনৰ ১১ বজাত ১৩৮ সংখ্যক খণ্ডৰ ‘আকাশবাণীৰ মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ...

September 24, 2026 3:19 PM

views 24

সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য সেৱা হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিতঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য সেৱা হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত। তেওঁ কয় যে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ স্থানত উপনীত হোৱাৰ পাছতো নীতি আদৰ্শৰে সেৱাৰ মনোভাৱ অব্যাহত ৰখা উচিত। গুজৰাটৰ ৱাডনগৰৰ পৰা বাৰাণসীলৈ সেৱা যাত্ৰীসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁ এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে সেৱাই পৰম ধৰ্ম কথাষাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। শ্ৰীমোদীয়ে কয় যে সেৱা হৈছে সৰ্বাধিক চালিকাশক্তি। তেওঁ কয় যে পি এম কিষাণ আৰু প...

September 24, 2026 12:38 PM

views 20

জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্রিক উন্নয়ন আৰু সামাজিক সৱলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰয়াসৰ অংশ হিচাপে অসমসহ উত্তৰ-পূৰ্বাঞ্চলতো ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। এনে এখন আঁচনিৰ ভিতৰত ২০১৬ চনৰ ১৬ জানুৱ...

September 22, 2026 8:23 PM

views 18

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ লয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ অসমত থকাৰ বিষয়ে উল্লেখ কৰে। কাজিৰঙাত চোৰাং গঁড় হত্যাৰ ঘটনা শূন্যলৈ হ্ৰাস কৰাৰ বিষয়টোক তেওঁ প্ৰশংসা কৰে। বিহাৰ আৰু পশ্চিম বংগতো গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ দুধৱাত গঁড়ৰ সফল পুনর্বাসনৰ জৰিয়তে ইতিহাস সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে।