বেলট পেপাৰ ব্যৱহাৰ কৰি অনুষ্ঠিত হোৱা বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে শোচনীয়ভাবে পৰাজয় হোৱা বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কংগ্ৰেছক তীব্র সমালোচনা কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে কিমান আসন লাভ কৰিছে বুলি প্রশ্ন উত্থাপন কৰে। উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ আৰু কৰ্ণাটকৰ ২৮খন বিধান পৰিষদৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত কৰ্ণাটকত কংগ্ৰেছে এখনো আসন লাভ নকৰিলে।
ইপিনে, কংগ্ৰেছে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি ভুৱা অভিযোগ উত্থাপন কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক বিজেপিয়ে তীব্র সমালোচনা কৰে। নতুন দিল্লীত সাংবাদিকে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কয়, যে কংগ্ৰেছ দলটো জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ এতিয়া সমগ্র নির্বাচনী প্রক্ৰিয়াটোৰ প্ৰতি অভিযোগৰ আঙুলি উঠাইছে।
৪ খন ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ শোচনীয়ভাবে পৰাজিত হৈছে। তেওঁ কয়, যে এই নির্বাচনসমূহত বেলট বাকচ আৰু বেলট পেপাৰ ব্যৱহাৰ কৰা হৈছিল যদিও কংগ্ৰেছ জয়ী হ’ব নোৱাৰিলে। কংগ্ৰেছে এই নির্বাচনসমূহত নিজৰ অৱস্থিতি প্ৰমাণ কৰিব নোৱাৰিলে বুলিও ড০ ত্রিবেদীয়ে কংগ্ৰেছক কটাক্ষ কৰে।