কাইলৈ ভিডিঅ’ কনফাৰেন্সি ব্যৱস্থা মাধ্যমেৰে প্রধানমন্ত্ৰী মোদীয়ে ২১,৮০০ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা পুনে মেট্ৰ’ প্রকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ ভিডিঅ’ কনফাৰেন্সি ব্যৱস্থা মাধ্যমেৰে ২১ হাজাৰ ৮০০ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা পুনে মেট্ৰ’ প্রকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এখন জনসভাকো সম্বোধন কৰিব। শ্ৰী মোদীয়ে ৮,৩০০ কোটিতকৈও অধিক পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা পিংক লাইন হিচাপে জনাজাত ৩ নং পুনে মেট্ৰ’ লাইন মুকলি কৰিব। প্ৰযুক্তিৰ উদ্ভাৱন আৰু আধুনিক যোগাযোগ ব্যৱস্থাৰ জৰিয়তে পুনেৰ চহৰ অঞ্চলৰ যাতায়তৰ আন্তঃগাঁথনি ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্রকল্প এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
প্ৰায় ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পিংক লাইনে মানৰ পৰা জিলা আদালত মেট্ৰ’ ষ্টেচনৰ অঞ্চলক সামৰি লৈছে। এই কৰিডৰে হিঞ্জিৱাড়ী আই টি হাব আৰু শিবাজী নগৰৰ মাজত মেট্ৰ’ৰেল’ সেৱাৰ সুবিধা প্ৰদান কৰিব। এই কৰিৰ্ডৰৰ সৈতে বৰ্তমানৰ মেট্ৰ’ নেটৱৰ্ক সংযোজিত হ’ব যিয়ে পুনে বিভিন্ন অঞ্চলত সুচল যোগোযোগ ব্যৱস্থা গঢ়ি তুলিব। ইয়াৰ ফলত ব্যক্তিগত বাহনৰ ওপৰত থকা নিৰ্ভৰশীলতাৰ লগতে যানজটৰ সমস্যা হ্ৰাস পাব আৰু গুৰুত্বপূৰ্ণ ব্যৱসায়িক আৰু আৱাসিক অঞ্চলসমূহলৈ যোগোযোগ ব্যৱস্থা সূচল হ’ব।
উল্লেখযোগ্য যে, এই পিংক লাইন সম্পূর্ণ মহিলা ৰেল’ চালক সকলৰ জৰিয়তে পৰিচালিত হ’ব। ৰে’ল যাতায়তৰ ক্ষেত্ৰত এয়া হৈছে প্ৰথমটো সম্পূর্ণ মহিলা কেন্দ্ৰিক ব্যৱস্থা। ৰে’ল যাতায়তৰ বাবে প্ৰয়োজন হোৱা বিদ্যুতৰ ৩০ শতাংশ সৌৰ শক্তিৰ জৰিয়তে পূৰণ কৰা হ’ব। প্রধানমন্ত্ৰীয়ে পুনে মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১৩,৫০০ কোটি টকা ব্যয়েৰে এই প্ৰকল্পক বিকশাই তোলা হ’ব।
এই দ্বিতীয় পৰ্যায়ৰ টুএ, টুবি, ফৰ আৰু ফৰএ পুনে মেট্ লাইনক সামৰি লোৱা হ’ব। ইয়াৰ ফলত চহৰখনত মেট্ৰ’ ৰে’ল সেৱা সম্প্ৰসাৰিত হোৱাৰ লগতে আৱাসিক ব্যৱসায়িক আৰু আই টি ৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৈতে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব। দ্বিতীয় পৰ্যায়ত টুএ, টুবি লাইনে প্রায় ১৩ কিলোমিটাৰ পথ সামৰি ল’ব। টুএ মেট্ৰ’ লাইনে ভেনাজৰ পৰা চান্দনিচৌক আৰু টুবি মেট্ৰ’লাইনে ৰামৱাড়ীৰ পৰা ভিট্টলবাড়ী অঞ্চলক সামৰি ল’ব।