চৰকাৰৰ প্ৰতিটো নীতি আৰু প্ৰতিটো কাৰ্যব্যৱস্থাৰ সময়ত যুৱসমাজে সদায়েই কেন্দ্ৰবিন্দুত অৱস্থান গ্ৰহণ কৰি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ প্ৰতিটো নীতি আৰু প্ৰতিটো কাৰ্যব্যৱস্থাৰ সময়ত যুৱসমাজে সদায়েই কেন্দ্ৰবিন্দুত অৱস্থান গ্ৰহণ কৰি আহিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি শ্ৰীমোদীয়ে এই কথা প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে বিগত ২৫ বছৰত চৰকাৰৰ মুৰব্বী হিচাপে তেওঁ নিজৰ সম্পূৰ্ণ সামর্থৰে দেশৰ প্ৰতি সেৱা আগবঢ়াই আহিছে।

প্রধানমন্ত্রীয়ে লগতে কয়, যে পূৰ্বে ভাৰতৰ পৰা চুৰি কৰি নিয়া মূর্তিকে ধৰি ৬৫০ বিধ পৌৰাণিক সামগ্ৰী চৰকাৰে বিগত ১২ বছৰত দেশলৈ ওভতাই আনিছে। দেশৰ সাংস্কৃতিক ঐতিহ্য পুনৰ প্ৰতিষ্ঠা কৰাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰসমূহেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ ধৰিছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে ইয়াকো কয়, যে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা স্থানৰ তালিকাত ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰৰ অন্তর্ভুক্তি ক্রমান্বয়ে বৃদ্ধি পাই আহিছে।

আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে নতুন দিল্লীত তিনিদিনীয়াকৈ আয়োজিত এই সন্মিলনত দেশ আৰু বিদেশৰ ৯ হাজাৰতকৈও অধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰিছে। স্বামী চিন্ময়ানন্দই ১৯৫১ চনত প্ৰতিষ্ঠা কৰা গোলকীয় আধ্যাত্মিক আন্দোলন চিন্ময় মিছনৰ ৭৫ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে এই সন্মিলন অনুষ্ঠিত কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱদগীতাৰ তামিল সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰি যোৱা বছৰ এই বছৰজোৰা অনুষ্ঠান উদ্বোধন কৰিছিল। চিন্ময় মিছনে বিগত কেইবা দশক ধৰি আধ্যাত্মিক শিক্ষা, সাংস্কৃতিক সংৰক্ষণ, যুৱ সবলীকৰণ আৰু সামূহিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।