প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰিব। ভ্ৰমণকালত প্রধানমন্ত্রীয়ে বনাসকাঠাত ১৪ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্য্যায়ৰ বিমান বন্দৰ সম্প্ৰসাৰণ আৰু গিফট চিটীৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিব।
শ্রীমোদীয়ে কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ১৯ হাজাৰ কোটি টকাৰ ২৪ সংখ্যক কিস্তিও মুকলি কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে বনাসকাণ্ঠাৰ ভ্ৰূণ স্থানান্তৰ প্ৰযুক্তি আৰু ইন ভিট্ট ফার্টিলাইজেশ্বন পৰীক্ষাগাৰ তথা ভাৰত-বভাইন ব্রিডিং এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ পশুপালন পাম পৰিদৰ্শন কৰিব।
এই কেন্দ্ৰটোৱে গৰু-ম’হৰ প্ৰজনন ক্ষমতা শক্তিশালী কৰা, জিনীয় মান উন্নত কৰা আৰু উন্নত প্ৰজনন প্ৰযুক্তিৰ জৰিয়তে প্ৰজননৰ মান ১০ৰ পৰা ২০ গুণলৈ উন্নত কৰাত সহায় কৰিব। ইয়াৰ পাছত প্রধানমন্ত্ৰীয়ে একতা নগৰ কেভডিয়ালৈ গৈ ভাৰত পৰ্ব২০২৬ উদ্বোধন কৰিব।
শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ষ্টেচু অৱ ইউনিটীত পুষ্পাঞ্জলি তৰ্পণ কৰিব। তেওঁ একতা নগৰত ৪০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব।