ধন তেৰছ উপলক্ষে উন্নত স্বাস্থ্যৰ প্ৰতি দায়বদ্ধ হ’বলৈ প্ৰধানমন্ত্ৰী মোদীৰ জনসাধাৰণৰ প্ৰতি আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধন তেৰছ উপলক্ষে উন্নত স্বাস্থ্যৰ প্ৰতি দায়বদ্ধ হ’বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ স্বাস্থ্য আৰু প্ৰতিৰোধমূলক স্বাস্থ্য যতনৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ তাৎপৰ্য সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত প্ৰকাশিত এটা প্ৰৱন্ধ সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে। এই প্ৰৱন্ধটোত পৰিয়ালসমূহক ভাল অভ্যাস বিশেষকৈ সুষম আহাৰ, নিয়মীয়া যোগাভ্যাস, পর্যাপ্ত টোপনি আৰু সময়মতে স্বাস্থ্য পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। শ্ৰীমোদীয়ে জনসাধাৰণক নিজৰ আত্মীয়সকলৰ স্বাস্থ্যৰ প্ৰতি আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ সুস্থ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ আহ্বান জনাইছে।