প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰিব। এই সন্মিলন হৈছে সমগ্ৰ বিশ্বৰ নৱীকৰণযোগ্য শক্তি পৰিবেশতন্ত্ৰত বিনিয়োগ, উদ্ভাৱন আৰু সহযোগিতাৰ বিকাশৰ বাবে উৎসর্গিত আন্তঃৰাষ্ট্ৰীয় মঞ্চ।
এই সন্দৰ্ভত নতুন দিল্লীৰ এখন সংবাদমেলত নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সচিব সন্তোষ কুমাৰ সাৰাংগিয়ে কয়, যে চাৰিদিনীয়াকৈ হ’বলগীয়া এই সন্মিলনৰ জৰিয়তে চৰকাৰ, নীতি-নিৰ্ধাৰক, বিনিয়োগকাৰী, উদ্ভাৱক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰাৰ প্ৰয়াস চলোৱা হ’ব।
বিশ্বব্যাপী স্বচ্ছ শক্তি পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত এই সন্মিলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও তেওঁ মন্তব্য কৰে। এই সন্মিলনৰ লগতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা সমাৱেশৰ নৱম অধিৱেশন আৰু সেউজ হাইড্ৰ’জেন সম্বন্ধীয় চতুর্থ আন্তঃৰাষ্ট্ৰীয় সন্মিলনো অনুষ্ঠিত হ’ব বুলি শ্ৰীসাৰাংগিয়ে প্ৰকাশ কৰে।