অহা ২ নৱেম্বৰত প্রধানমন্ত্ৰী মোদীয়ে ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু এক্সপ’ উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু এক্সপ’ উদ্বোধন কৰিব। এই সন্মিলন হৈছে সমগ্ৰ বিশ্ব নৱীকৰণযোগ্য শক্তি পৰিবেশত ত বিনিয়োগ, উদ্ভাৱন আৰু সহযোগিতা উন্নতিৰ বাবে উৎসর্গিত এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ।

নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সচিব সন্তোষ কুমাৰ সাৰাংগিয়ে কয়, যে চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত চৰকাৰ, নীতি-নিৰ্ধাৰক, বিনিয়োগকাৰী, উদ্ভাৱক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি আগুৱাই নিয়াৰ লগতে বিশ্বব্যাপী স্বচ্চ শক্তি পৰিৱৰ্তন ত্বৰান্বিত কৰিব বুলি মন্তব্য কৰে।

এই সন্মিলনৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা সমাৱেশৰ নৱম অধিৱেশন আৰু সেউজ হাইড্ৰ’জেন সম্পৰ্কীয় চতুর্থ আন্তঃৰাষ্ট্ৰীয় সন্মিলনো সমসাময়িকভাবে অনুষ্ঠিত হ’ব বুলি শ্ৰীসাৰাংগিয়ে প্ৰকাশ কৰে।