ভাৰত মণ্ডপমত থলুৱা বৈজ্ঞানিক কৃতিত্ব আৰু উদীয়মান প্ৰযুক্তি প্ৰদৰ্শনৰ বিস্তৃত প্ৰযুক্তি আৰু উদ্ভাৱন প্ৰদৰ্শনী উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত থলুৱা বৈজ্ঞানিক কৃতিত্ব আৰু উদীয়মান প্ৰযুক্তি প্ৰদৰ্শনৰ বিস্তৃত প্ৰযুক্তি আৰু উদ্ভাৱন প্ৰদৰ্শনী উদ্বোধন কৰে। তেওঁ প্ৰদৰ্শনীৰ বিভিন্ন খণ্ড পৰিদৰ্শন কৰি উপস্থিত ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰে। এই প্রদর্শনীত প্রায় ১৫০টা ডিপ-টেক ষ্টার্টআপ ষ্টল অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে প্রযুক্তিগত বিকাশ আৰু বিভিন্ন ক্ষেত্ৰত ইয়াৰ সম্ভাৱ্য প্ৰয়োগৰ ওপৰত আলোকপাত কৰিব।

তিনিদিনীয়া এই সন্মিলনখনে নতুন প্রযুক্তি আৰু ভাৰতৰ বিজ্ঞান তথা উদ্ভাৱনৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে আগশাৰীৰ বিজ্ঞানী, গৱেষক, শিক্ষাবিদ, নীতি নিৰ্ধাৰক, উদ্যোগপতি, ষ্টার্টআপ আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলক এখন মঞ্চ প্ৰদান কৰিব।

সন্মিলনত কৃত্রিম বুদ্ধিমত্তা, জৈৱ প্ৰযুক্তি, উন্নত সামগ্রী, উৎপাদন, স্বাস্থ্যসেৱা, শক্তি, জলবায়ু আৰু মহাসাগৰীয় বিজ্ঞানকে ধৰি ১২টা বিষয়ত আলোচনা অনুষ্ঠিত হ’ব। এই সন্মিলনত দেশৰ থলুৱা বৈজ্ঞানিক সাফল্য আৰু নতুন প্ৰযুক্তি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। তিনিদিনীয়া এই সন্মিলনে আন্তঃৰাষ্ট্ৰীয় গৱেষণা অংশীদাৰিত্ব, উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ সহযোগিতাৰ লগতে পৰীক্ষাগাৰৰ পৰা বজাৰলৈ উদ্ভাৱনসমূহ ৰূপান্তৰিত কৰাৰ বিভিন্ন পথ অন্বেষণ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।