দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ শ্ৰীমোদীয়ে আজি বনাসকাঠাত প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ১৯ হাজাৰ কোটি টকাৰ ২৪ সংখ্যক কিস্তি মুকলি কৰে।
অসমৰো ১৮ লাখতকৈও অধিক কৃষকে এই কেন্দ্ৰীয় আঁচনিৰ আর্থিক সকাহ লাভ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী মোদীয়ে কয়, যে কৃষকসকল দেশৰ অৰ্থনীতিৰ আটাইতকৈ শক্তিশালী স্তম্ভ আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ কল্যাণত সদায় গুৰুত্ব আৰোপ কৰি আহিছে।
২০১৩-১৪ৰ তুলনাত সম্প্ৰতি কৃষি খণ্ডৰ বাজেট ৫ গুণ অধিক হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। পি এম কিষাণ সন্মান নিধি কোটি কোটি ক্ষুদ্র কৃষকৰ বাবে আশাৰ সম্বল হৈছে বুলি তেওঁ মন্তব্য কৰে। ১০ কোটি কৃষকৰ একাউণ্টত ১৮ হাজাৰ কোটি টকাতকৈ অধিক ধন জমা কৰা হৈছে বুলি প্রধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। গুজৰাটৰ ৫০ লাখৰো অধিক কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
এইসকল কৃষকৰ একাউণ্টত এহেজাৰ কোটি টকাতকৈ অধিক ধন জমা হৈছে বুলি প্রধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই আঁচনিয়ে কৃষকসকলক আর্থিকভাৱে সকাহ দিয়াৰ লগতে স্বাৱলম্বিতা অৰ্জনৰ দিশলৈ লৈ গৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়।
উল্লেখযোগ্য যে গুজৰাট ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ১৪ হাজাৰ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। শ্রীমোদীয়ে আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্য্যায়ৰ বিমান বন্দৰ সম্প্ৰসাৰণ আৰু গিফট চিটীৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিব।
তেওঁ বনাসকাঠাৰ ভ্ৰূণ স্থানান্তৰ প্ৰযুক্তি আৰু আই ভি এফ পৰীক্ষাগাৰ তথা ভাৰত-বভাইন ব্রিডিং এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ পশুপালন পাম পৰিদৰ্শন কৰিব। এই কেন্দ্ৰটোৱে গৰু-ম’হৰ প্ৰজনন ক্ষমতা শক্তিশালী কৰা, জিনীয় মান উন্নত কৰা আৰু উন্নত প্ৰজনন প্ৰযুক্তিৰ জৰিয়তে প্ৰজননৰ মান ১০ৰ পৰা ২০ গুণলৈ বৃদ্ধি কৰাত সহায় কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে একতা নগৰৰ কেৱাড়িয়ালৈ গৈ ভাৰত পৰ্ব ২০২৬ উদ্বোধন কৰিব।
প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ ষ্টেচু অৱ ইউনিটীত পুষ্পাঞ্জলি তৰ্পণ কৰিব। তেওঁ একতা নগৰত ৪০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।
শ্রীমোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীতো অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি তেওঁ নমদা ঘাট আৰু বৰ্ষাৰণ্যৰ লগতে কেইবাটাও স্থানত পয়ঃপ্রণালী ব্যৱস্থা, জল ব্যৱস্থাপনা প্রকল্প আদি মুকলি কৰিব।