October 30, 2026 7:23 PM

views 41

অসমৰ ১৮ লাখতকৈও অধিক কৃষকৰ ‘কিষাণ সম্মান নিধি আঁচনি’ৰ অধীনত কেন্দ্ৰীয় আঁচনিৰ আর্থিক সকাহ লাভ

দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ শ্ৰীমোদীয়ে আজি বনাসকাঠাত প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ১৯ হাজাৰ কোটি টকাৰ ২৪ সংখ্যক কিস্তি মুকলি কৰে। অসমৰো ১৮ লাখতকৈও অধিক কৃষকে এই কেন্দ্ৰীয় আঁচনিৰ আর্থিক সকাহ লাভ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী মোদীয়ে কয়, যে কৃষকসকল দেশৰ অৰ্থনীতিৰ আটাইতকৈ শক্তিশালী স্তম্ভ আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ কল্যাণত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। ২০১৩-১৪ৰ তুলনাত সম্প্ৰতি কৃষি খণ্ডৰ বাজেট ৫ গুণ অধিক হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মত ...

September 12, 2026 4:56 PM

views 26

প্রধানমন্ত্রী ‘কিষাণ মান ধন যোজনা’ৰ ৭বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী কিষাণ মান ধন যোজনাই ৭বছৰ সম্পূৰ্ণ কৰে। ২০১৯ চনৰ ১১ ছেপ্তেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে ৬০ বছৰ বয়সৰ পৰা ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক মাহিলি পেন্সন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে এই আঁচনিৰ অধীনত ৬০ বছৰ পাৰ কৰা কৃষকসকলক তিনি হাজাৰ টকাকৈ পেন্সন দি অহা হৈছে। ইয়াৰ জৰিয়তে খেতিয়কসকলে বৃদ্ধ বয়সত বিত্তীয় নিৰাপত্তাৰ লগতে সন্মানো লাভ কৰিছে।

August 11, 2026 2:34 PM

views 41

সমগ্র দেশতে এই পর্যন্ত ১০ কোটি ৩৩ লাখতকৈ অধিক কৃষকৰ পৰিচয় পঞ্জীয়ন

সমগ্র দেশতে এই পর্যন্ত ১০ কোটি ৩৩ লাখতকৈ অধিক কৃষকৰ পৰিচয় পঞ্জীয়ন কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ইয়াৰ ফলত প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি যোজনা, প্রধানমন্ত্রী ফচল জীৱন বীমা যোজনা, ন্যূনতম সমৰ্থন মূল্য আধাৰিত ক্ৰয় আৰু ঋণ প্ৰদানৰ লগতে দুৰ্যোগৰ সময়ত সাহায্যকে ধৰি প্রত্যক্ষ লাভ হস্তান্তৰ সুবিধাসমূহ প্ৰদানৰ ক্ষেত্ৰত সুবিধা হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰামনাথ ঠাকুৰে কয়, যে কৃষকসকলে নিজৰ ম'বাইল ফোনৰ সহায়ত নিজৰ বাবে এটা কৃষক পৰিচয় পঞ...

December 9, 2025 8:12 PM

views 56

প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান

প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা কেন্দ্ৰীয় চৰকাৰে ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান কৰিছে। লোকসভাত আজি প্ৰশ্নকালৰ সময়ত পৰিপূৰক উত্তৰ দি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ চৌহানে কয়, যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা লাভ কৰা পৰিক্ষিত তথ্যৰ আধাৰত প্ৰধানমন্ত্রী কিষাণ পোৰ্টেলত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে হিতাধিকাৰীসকললৈ সহায় ধন বিতৰণ কৰা হয়। শ্রীচৌহানে লগতে কয় যে প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত কোনো ভৌতিক আৰু আৰ্থিক লক্ষ...

November 20, 2025 8:00 PM

views 75

কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রীয়ে কালি কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি কৰাৰ লগত সংগতি তিনিচুকীয়া জিলাত কালি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এটা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয় আৰু গুৱাহাটীৰ কৃষি প্রযুক্তি গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত অনুষ্ঠানত তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ হেমচন্দ্ৰ শ‍ইকীয়াই আদৰণি ভাষণ দিয়ে। খাদ্য আৰু যোগান নিগমৰ সভাপতি সঞ্জয় কিষাণে কৃষকসকলক এই আঁচনিৰ ...

February 11, 2025 8:03 PM

views 102

প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিঃ ৰাজ্যত কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী অব্যাহত

ৰাজ্যৰ প্ৰতিখন জিলাতে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰা কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী পূর্ণগতিত চলি আছে। চৰাইদেউ জিলা কৃষি বিভাগে নিজৰ নামত মাটিৰ পট্টা থকা, এতিয়ালৈকে কৃষক পঞ্জীয়ন নকৰা জিলাখনৰ হিতাধিকাৰী সকলক অনতিপলমে নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰাবলৈ অনুৰোধ জনাইছে। এই আঁচনিৰ সুবিধা লাভ কৰা কৃষকে সময়তে পঞ্জীয়ন নকৰালে পৰৱৰ্তী কিস্তিৰ পৰা বঞ্চিত হ’ব বুলি কৃষি বিভাগে জানিবলৈ দিছে। বিভাগে লগতে নিজৰ নামত মাটিৰ নামজাৰি নোহোৱা হিতাধিকাৰীসকলকো শীঘ্ৰে নামজাৰিৰ বাবে আবেদ...

June 18, 2024 6:45 PM

views 91

প্রধানমন্ত্রী মোদীয়ে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিয়ে। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কৃষি সখী হিচাপে আত্মসহায়ক গোটত ৩০ হাজাৰৰো অধিক মহিলাক প্ৰমাণপত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। লাখপতি বাইদেউ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি এই প্ৰমাণপত্ৰ ব...

June 18, 2024 5:26 PM

views 81

বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিব। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে। অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কৃষি সখী হিচাপে আত্ম সহায়ক গোটত ৩০ হাজাৰৰো অধিক মহিলা প্ৰমাণপত্ৰ বিতৰণ কৰিব। লাখপতি বাইদেউ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি এই প্ৰমাণপত্ৰ বিতৰণ কৰা হ'...