প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা কেন্দ্ৰীয় চৰকাৰে ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান কৰিছে। লোকসভাত আজি প্ৰশ্নকালৰ সময়ত পৰিপূৰক উত্তৰ দি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ চৌহানে কয়, যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা লাভ কৰা পৰিক্ষিত তথ্যৰ আধাৰত প্ৰধানমন্ত্রী কিষাণ পোৰ্টেলত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে হিতাধিকাৰীসকললৈ সহায় ধন বিতৰণ কৰা হয়। শ্রীচৌহানে লগতে কয় যে প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত কোনো ভৌতিক আৰু আৰ্থিক লক্ষ্য নাথাকে।
Assamese | December 9, 2025 8:12 PM | PM Kisan Samman Nidhi
প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান