সমগ্র দেশতে এই পর্যন্ত ১০ কোটি ৩৩ লাখতকৈ অধিক কৃষকৰ পৰিচয় পঞ্জীয়ন

সমগ্র দেশতে এই পর্যন্ত ১০ কোটি ৩৩ লাখতকৈ অধিক কৃষকৰ পৰিচয় পঞ্জীয়ন কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে।

ইয়াৰ ফলত প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি যোজনা, প্রধানমন্ত্রী ফচল জীৱন বীমা যোজনা, ন্যূনতম সমৰ্থন মূল্য আধাৰিত ক্ৰয় আৰু ঋণ প্ৰদানৰ লগতে দুৰ্যোগৰ সময়ত সাহায্যকে ধৰি প্রত্যক্ষ লাভ হস্তান্তৰ সুবিধাসমূহ প্ৰদানৰ ক্ষেত্ৰত সুবিধা হৈছে।

লোকসভাত আজি এটা লিখিত উত্তৰত কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰামনাথ ঠাকুৰে কয়, যে কৃষকসকলে নিজৰ ম’বাইল ফোনৰ সহায়ত নিজৰ বাবে এটা কৃষক পৰিচয় পঞ্জীয়ন কৰিব পাৰে।

এই উদ্যমৰ জৰিয়তে কৃষকসকলে ডিজিটেল কৃষি অভিযান আৰু অন্যান্য কৃষক কেন্দ্ৰিক সুবিধাসমূহ সূচলভাৱে লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।