প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রীয়ে কালি কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি কৰাৰ লগত সংগতি তিনিচুকীয়া জিলাত কালি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এটা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয় আৰু গুৱাহাটীৰ কৃষি প্রযুক্তি গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত অনুষ্ঠানত তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ হেমচন্দ্ৰ শইকীয়াই আদৰণি ভাষণ দিয়ে। খাদ্য আৰু যোগান নিগমৰ সভাপতি সঞ্জয় কিষাণে কৃষকসকলক এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক কৃষকে অংশগ্ৰহণ কৰে।
Assamese | November 20, 2025 8:00 PM | Akashvani | Akashvani News | narendra modi | PM Kisan Samman Nidhi | PMO Modi
কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ